যদি আপোনাৰ বয়স পঞ্চাশ বছৰ, আপুনিও ওজন কমাবলৈ বিচাৰিছে নেকি ?

how to lose weight after 50 1200x628 facebook

1020071834

ক্ষীণ হৈ থাকিবলৈ আজিকালি কোনে নিবিচাৰে? সুন্দৰ-সুঠাম শৰীৰ সকলোৰে কাম্য । মেদবহুলতা বিভিন্ন ৰোগৰ বাহক । শৰীৰ মেদবহুল হ’লে ডায়বেটিছ, হাইপাৰটেনছন, থায়ৰ’ড আদি বিভিন্ন ৰোগৰ সৃষ্টি হয় ।এই সন্দৰ্ভত ‘ছেনছ’ৰ প্ৰতিষ্ঠাপক অতুল কাপুৰে কয় যে পঞ্চাশ ঊৰ্ধ্বৰ ব্যক্তিৰ ক্ষেত্ৰত ওজন কম কৰিবলৈ বিচাৰিলে বহুত ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰিবলৈ লগা হয় ।

খাদ্য তালিকাৰো সাল-সলনি কৰিব লগা হয় কাৰণ এই সময়খিনিত মেটাবলিজম কম হ’বলৈ আৰম্ভ কৰে । অতুল কাপুৰে এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় –
১. সাধাৰণতে মানুহে শৰীৰত প্ৰয়োজনতকৈ অধিক মাত্ৰাত কেলৰি গ্ৰহণ কৰে । খোৱা খাদ্য তালিকাৰ পৰা অধিক মাত্ৰা কেলৰি থকা খাদ্য পৰিহাৰ কৰা উচিত।
২. বয়স বৃদ্ধিৰ লগে লগে মাংসপেক্ষীও দুৰ্বল হ’বলৈ আৰম্ভ কৰে । গতিকে প্ৰতিদিনে শাৰীৰিক ব্যায়াম, যোগাভ‍্যাসৰ অনুশীলন কৰিব লাগে ।
৩. খাদ্য তালিকাত প্ৰ’টিনৰ পৰিমাণ বৃদ্ধি কৰক । প্ৰ’টিনযুক্ত খাদ্য বয়স্ক লোকৰ বাবে লাভদায়ক । প্ৰ’টিনে ওজন কমোৱাত সহায় কৰে । লগতে বয়স্ক লোকৰ মাংসপেশীয়ো মজবুত কৰি তোলে ।
৪. প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী সেৱন কৰক । পানীয়ে শৰীৰত ওজন কমোৱাত সহায় কৰে । বয়স্ক লোকসকলে ফলৰ ৰস প্ৰচুৰ পৰিমাণে সেৱন কৰা উচিত ।
৫. সদায় আঠ ঘণ্টা টোপনি যাবলৈ চেষ্টা কৰিব লাগে । টোপনি ক্ষতিয়েও ওজন বঢ়ায় । টোপনি ক্ষতি হ’লে কিছু লোকৰ ভোক লগাৰ মাত্ৰাও বৃদ্ধি হয় ।

Exit mobile version