কালাৰ্চ টেলিভিছনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ-১৪ ত এইবাৰ অংশ ল’বলৈ সাজু হ’ল বহু বিতৰ্কিত স্বয়ম্ভূ দেৱী ৰাধে মা । প্ৰকাশিত তথ্য অনুসৰি বিগ বছৰ ঘৰত এইবাৰ মুঠ ১৬ জন সদস্যই বাহৰ পাতিব আৰু ইয়াৰে ১৪ গৰাকী চেলিব্ৰেটি আৰু আন দুগৰাকী সাধাৰণ নাগৰিক হ’ব । ‘বিগ-বছ’ৰ সঞ্চালক চলমান খানে ইতিমধ্যে জনপ্ৰিয় ধাৰাবাহিক খনৰ পৰৱৰ্তী খণ্ডৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
কালাৰ্চ চেনেলে বিগ বছ-১৪ত কোনে অংশ ল’ব সেয়া অনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও ‘টেলিচক্কড়’ৰ প্ৰতিবেদনৰ তথ্য অনুসৰি এইবাৰৰ ‘বিগ বছ’ত বহু বিতৰ্কিত সুখবন্দৰ অনুৰাগীসকলৰ মাজত ৰাধে মা হিচাপে পৰিচিত। সুখবিন্দৰে নিজকে ৰাধাৰ আধুনিক অৱতাৰ বুলি দাবী কৰি আহিছে ।
পূৰ্বেও ৰাধে মাক ‘বিগবছ’ৰ অতিথি হ’বলৈ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ স্বীকাৰ কৰা নাছিল। ‘টেলিচক্কড়’ৰ বাতৰি অনুসৰি অৱশেষত ৰাধে মায়ে ‘বিগ বছ’ৰ আলহী হ’বলৈ সন্মতি দিলে । টেলিভিছনৰ অভিনেত্ৰী জেছমিন ভাছিন, নিয়া শৰ্মা, নেনা সিং আদিও ‘বিগ বছ ১৪’ত অংশ লোৱাৰ কথা।






























