কেন্দ্ৰৰ Unlock 4 ৰ পাছত অসমত কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

Google

Google

কনটেইনমেন্ট জ’নৰ বাহিৰে বিদ্যালয়,মহাবিদ্যালয়,কোচিং চেন্টাৰসমূহ ৩০ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব ৷

অনলাইন শিক্ষা আৰু দূৰ শিক্ষা পূৰ্বৰ দৰে চলি থাকিব।

কনটেইনমেন্ট জ’নৰ বাহিৰত ৫০ শতাংশ শিক্ষক কৰ্মচাৰী বিদ্যালয়ত উপস্থিত থাকিব।

দক্ষতা বৃদ্ধিৰ প্ৰতিষ্ঠানসমূহ গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুযায়ী সকলো ক’ভিড প্ৰট’কল মানি আৰম্ভ হ’ব।

ৰাজহুৱা পৰিবহন ৭ ছেপ্টেম্বৰৰ পৰা সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰম্ভ হ’ব ৷

২১ছেপ্টেম্বৰৰ পৰা সামাজিক,ক্ৰীড়া,মনোৰঞ্জন,ধৰ্মীয় ৰাজহুৱা ঠাইত ১০০ জনতকৈ অধিক লোক সমবেত হ’ব পাৰিব ।কিন্তু সকলোৱে ক’ভিড প্ৰট’কল মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

পূৰ্বৰ দৰে ছবি গৃহ,সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ ,মনোৰঞ্জন পাৰ্ক,থিয়েটাৰ গৃহসমূহৰ বন্ধ থাকিব ৷

মাস্ক পৰিধান নকৰিলে ১০০০ টকাৰ জৰিমনা ।

আন্তঃজিলাত অহা যোৱাত কোনো বাধ্য বাধকতা নাই ।ইয়াৰ কাৰণে কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই।

৬৫ বছৰ ব্যক্তি,প্ৰসূতি,১০ বছৰ তলৰ ল’ৰা ছোৱালী পূৰ্বৰ দৰে জৰুৰীকালীন অৱস্থাতহে যাব পাৰিব ৷

সকলোৱে আৰোগ্য সেঁতু ডাউনলোড কৰাটো বাধ্যতামূলক ৷

Exit mobile version