প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

Rhea Chakraborty Showik Chakraborty

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীৰ ভ্ৰাতৃ সৌভিক চক্ৰৱৰ্তীক সোধ পোচৰ কাৰণে Narcotics Control Bureau য়ে নিজৰ লগত লৈ যায় । আজি পুৱা NCB এটা দল ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত তদন্তৰ কাৰণে উপস্থিত হয় ।আৰু সৌভিকক নিজৰ লগত লৈ যায়। NCB ৰ তদন্তত ৰিয়া চক্ৰৱৰ্তী আৰু ড্ৰাগছ সৰবৰাহকাৰী চেমুৱেল মিৰাণ্ডাৰ সম্পৰ্ক থকা তথ্য লাভ কৰিছিল। ইয়াৰ পিছত NCB অন্য এটা দল সুশান্তৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডাৰ ঘৰত উপস্থিত হয় আৰু তেওঁকো সোধপোছৰ কাৰণে লৈ যায় ।

এক বিশেষ সূত্ৰৰ মত অনুসৰি NCBয়ে ৰিয়া চক্ৰৱৰ্তীৰ ঘৰৰ পৰা সৌভিকৰ লেপটপটোও লৈ যায়। ইপিনে ৰিয়া আৰু মিৰাণ্ডাৰ ঘৰৰ পৰা কিছুমান হাৰ্ড ড্ৰাইভো লৈ যায়। বিগত দিনত ৰিযাৰ whatsapp Chats ৰ পৰা ড্ৰাগচ সৰবৰাহকাৰীৰ মাজত মতবিনিময়ৰ প্ৰমাণ পাইছিল NCB য়ে।

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু ভায়েক সৌভিক চক্ৰৱৰ্তীৰ সৈতে ড্ৰাগছৰ সম্পৰ্ক থকা তথা মধ্যস্থতাকাৰী ড্ৰাগছ ব্যৱসায়ী জায়েদ ভিলাত্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে। মাদকদ্ৰব্য বিৰোধী সংস্থাই ভিলাত্ৰাৰ পৰা বিদেশী মুদ্ৰা(২০৮১ ডলাৰ, ১৮০ ব্ৰিটিছ পাউণ্ড আৰু ৯,৫৫,৭৫০ টকাতকৈ অধিক মূল্যৰ মাদকদ্ৰব্য জব্দ কৰে।

আনহাতে, ভিলাত্ৰাই জনোৱা অনুসৰি তেওঁ বান্দ্ৰাত এখন ভোজনালয় চলায় আৰু তলাবন্ধৰ পিছতে বহু লোকচানৰ সন্মুখীন হৈছিল । ইয়াৰ উপৰিও পুনৰ কয় যে ড্ৰাগছ আৰু অন্যান্য মাদকদ্ৰব্যৰ সৰবৰাহৰ যোগেদি তেওঁ প্ৰচুৰ পৰিমাণে অৰ্থোপার্জন কৰিছিল । এই সন্দৰ্ভত এনচিবিয়ে পিটিআইক সবিশেষ জনায় এনেদৰে। সূত্ৰত প্ৰকাশ যে, ২০ বছৰীয়া ভিলাত্ৰাই সৌভিক চক্ৰৱৰ্তী আৰু সুশান্তৰ ঘৰৰ মেনেজাৰ চেমুৱেল মিৰান্দাক মাদকদ্ৰব্যৰ সৰবৰাহ কৰিছিল ।

যাৰ জৰিয়তে আব্দেল বাসিত পৰিহাৰৰ স’তেও পৰিচয় ঘটিছিল। আনহাতে, সৌভিক চক্ৰৱৰ্তী আৰু চেমুৱেল মিৰান্দাক এনচিবিৰ দলে চামন জাৰি কৰিছে । তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, পৰিহাৰ আৰু সোভিক চক্ৰৱৰ্তীৰ মাজত মাদকদ্ৰব্য ক্ৰয় কৰা আৰু ব্যৱহাৰৰ সম্পৰ্কত মেছেজ পাইছিল৷

অন্যহাতে, এটা সাক্ষাৎকাৰত ৰিয়া চক্ৰৱৰ্তীয়ে কৈছিল যে, ৰিয়াই জীৱনত কেতিয়াও ড্ৰাগছ সেৱন কৰাই নাছিল। আৰু দাবী কৰিছিল যে, ৰিয়াই সুশান্ত সিং ৰাজপুতক মাৰিজুৱানা সেৱনৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। উল্লেখ্য যে, তদন্তকাৰী সংস্থাটোৱে মহাৰাষ্ট্ৰ, দিল্লী আৰু গোৱাৰ ড্ৰাগছ সৰবৰাহকাৰীক তদন্তৰ আওতাত ৰাখিছে।

Exit mobile version