ৰাছিয়াত প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ভেকচিনৰ সুৰক্ষাক লৈ বিশ্বজুৰি চলিছে জল্পনা-কল্পনা । এই ভেকচিনৰ ওপৰত সকলে চলোৱা বহুতো পৰীক্ষণৰ পাছত এই ভেকচিন সুৰক্ষিত বুলি গৱেষক সকলে নিশ্চিত কৰিছে । এই ভেকচিনৰ মানৱ শৰীৰত কৰা পৰীক্ষণৰ অন্তত জানিব পৰা গৈছে যে এই ভেকচিনে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ লগত যুজঁ দিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
এই ভেকচিন ট্ৰায়েল কৰা কোনো লোকৰে শৰীৰত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই । ২১ দিনৰ ভিতৰত তেওঁলোকৰ শৰীৰৰ এন্টিবডী উৎপন্ন হোৱা বুলি গৱেষক সকলে জনাইছে । লগতে এই ভেকচিনে শৰীৰত ‘টি-ছেল’ উৎপন্ন কৰিছে যিয়ে কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰে । সকলো ধৰণৰ বয়সৰ লোকৰ বাবেই এই ভেকচিন প্ৰস্তুত কৰা হৈছে।
‘ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড ‘ৰ অধ্যক্ষ কিৰিল দ্বিমেত্ৰিয়েভে জনাই যে, ‘এই ভেকচিনৰ ৬০ শতাংশ উৎপাদন ভাৰততে হৈছে । ভেকচিন প্ৰস্তুত কৰাত আমিও ভাৰতক সহায় কৰিম । ভাৰত চৰকাৰ আৰু ভেকচিন নিৰ্মাণকাৰী সকলৰ লগত এই বিষয়ে আলোচনা কৰি থকা হৈছে।’
উল্লেখ্য যে এই ভেকচিনৰ পৰীক্ষণ ৰাছিয়াৰ দুখন হাস্পতালত কৰা হৈছিল ।১৮ৰ পৰা ৬০ বছৰৰ বয়সৰ লোকৰ শৰীৰত এই ভেকচিনৰ ট্ৰায়েল কৰা হৈছে । ৰাছিয়াৰ এই ভেকচিন গামালিয়া ইনষ্টিটিউতে প্ৰস্তুত কৰিছে ।






























