সৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰৰ পিছত ৰিয়া চক্ৰৱৰ্তীৰ পিতৃৰ প্ৰতিক্ৰিয়া

jpg

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি বি আইয়ে কৰা তদন্তৰ লগে লগে এনচিবিৰ তদন্তও অব্যাহত আছে। আৰু ইয়াৰ লগে লগে আৰম্ভ হৈছে গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া । শুক্ৰবাৰে নিশা এনচিবিয়ে মুম্বাইত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ লগতে চেমুৱেল মিৰান্দাক গ্ৰেপ্তাৰ কৰে ।

ADVERTISEMENT

আজি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তীয়ে এক বিবৃতিত সোভিকক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ইন্দ্ৰজিত চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে যে, “অভিনন্দন ভাৰত, আপুনি মোৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে। মই নিশ্চিত যে, ইয়াৰ পিছত ৰিয়াক গ্ৰেপ্তাৰ কৰিব আৰু তাৰ পিছত কোন সেয়া মোৰ জ্ঞাত নহয়। আপুনি এটা মধ্যবিত্ত পৰিয়ালক প্ৰভাৱিত ৰূপত ধ্বংস কৰিছে । কিন্তু ন্যায়ৰ বাবে সকলোবোৰ উচিত, জয় হিন্দ ।”

আনহাতে, শনিবাৰে নিশা এনচিবিয়ে ড্ৰাগছৰ তদন্তৰ অভিযোগত গ্ৰেপ্তাৰ কৰে সুশান্তৰ ৰান্ধনী দীপেশ চাৱন্তক । শেহতীয়া তথ্য অনুসৰি এন চি বিয়ে ৰিয়াৰ বাসগৃহলৈ গৈ চমন জাৰি কৰিছে।

Exit mobile version