আমেৰিকাৰ তদন্তকাৰী সংস্থাই পুনৰ এবাৰ ৰাছিয়া আৰু চীনৰ বিৰুদ্ধে আমেৰিকাৰ ভেকচিনৰ গৱেষণা আৰু তথ্যসমূহ চুৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে । আমেৰিকাৰ ফাইজাৰক ধৰি কিছুমান কোম্পানীয়ে ভেকচিন তৈয়াৰ কৰি আছে। ইয়াৰোপৰি উত্তৰ কেৰোলিন ইউনিভাৰ্চিটিৰ উপৰিও বহু হাইটেক লেবত এতিয়াও কৰ’না ভেকচিনৰ গৱেষণা চলি আছে।
ইয়াৰ মাজতে চীন আৰু ৰুছৰ কিছুমান এজেন্সীয়ে ভেকচিনৰ তথ্য চুৰ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। লগতে এই চুৰিকাৰ্যত ইৰান জড়িত থকাৰ সন্দেহ কৰিছে । আনহাতে সামগ্ৰিকভাৱে চাবলৈ গ’লে বিশ্বৰ সকলো দেশেই এতিয়াও কৰ’নাৰ ভেকচিন কিমান দূৰ আগবাঢ়িছে সেই সম্পৰ্কে উৎসুকতাৰে বাট চাই আছে । সেই সময়তে আমেৰিকাই চীন আৰু ৰাছিয়াৰ পৰা ভেকচিনক ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে।
উল্লেখযোগ্য যে ৰাছিয়াত প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ভেকচিনৰ সুৰক্ষাক লৈ বিশ্বজুৰি চলিছে জল্পনা-কল্পনা । এই ভেকচিনৰ ওপৰত চলোৱা বহুতো পৰীক্ষণৰ পাছত এই ভেকচিন সুৰক্ষিত বুলি গৱেষকসকলে নিশ্চিত কৰিছে । এই ভেকচিনে ২১ দিনৰ ভিতৰত তেওঁলোকৰ শৰীৰত এন্টিবডী উৎপন্ন হোৱা বুলি গৱেষক সকলে জনাইছে । লগতে এই ভেকচিনে শৰীৰত ‘টি -ছেল’ উৎপন্ন কৰিছে যিয়ে কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰে ৷ সকলো ধৰণৰ বয়সৰ লোকৰ বাবেই এই ভেকচিন প্ৰস্তুত কৰা হৈছে।
“ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড”ৰ অধ্যক্ষ কিৰিল দ্বিমেত্ৰিয়েভে জনাই যে, ‘এই ভেকচিনৰ ৬০ শতাংশ উৎপাদন ভাৰততে হৈছে । ভেকচিন প্ৰস্তুত কৰাত আমিও ভাৰতক সহায় কৰিম । ভাৰত চৰকাৰ আৰু ভেকচিন নিৰ্মাণকাৰী সকলৰ লগত এই বিষয়ে আলোচনা কৰি থকা হৈছে ।’
উল্লেখ্য যে এই ভেকচিনৰ পৰীক্ষণ ৰাছিয়াৰ দুখন হাস্পতালত কৰা হৈছিল।১৮ৰ পৰা ৬০ বছৰৰ বয়সৰ লোকৰ শৰীৰত এই ভেকচিনৰ ট্ৰায়েল কৰা হৈছে । ৰাছিয়াৰ এই ভেকচিন গামালিয়া ইনষ্টিটিউটে প্ৰস্তুত কৰিছে ।