এন চি বিৰ তদন্তত ৰিয়াৰ ভাষ্য : ‘মই ড্ৰাগছ ক্ৰয় কৰিছিলো, কিন্তু কেতিয়াও সেৱন কৰা নাই’

Sushant Singh Rhea Chakraborty Vividrage

৬ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে এন চি বিৰ তদন্তকাৰী দলে ৰিয়া চক্ৰৱৰ্তীক সোধ পোচৰ বাবে মাতি পঠিয়ায় । প্ৰায় ৬ ঘণ্টাজুৰি চলোৱা সোধ পোচৰ অন্তত ৰিয়াই কয় যে, তাই ড্ৰাগছ ক্ৰয় কৰিছিল কিন্তু কোনোদিনে সেৱন কৰা নাছিল। লগতে কয় যে, ঘৰত যিখিনি ড্ৰাগছ আহিছিল সেয়া কেৱল সুশান্তৰ বাবেহে আছিল আৰু সেয়া ৰিয়াই কোনোদিনে সেৱন কৰা নাছিল।

ADVERTISEMENT

যদিও ৰিয়াক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই, কিন্তু তাৎক্ষণিক ভাৱে ৰিয়া গ্ৰেপ্তাৰ হ’ব পাৰে বুলি সূত্ৰত প্ৰকাশ । ইয়াৰোপৰি ড্ৰাগছ সেৱনৰ ভাষ্যৰ সত্যতা ৰূপায়নৰ বাবে ৰিয়াৰ ৰক্ত পৰীক্ষা কৰা হ’ব ।

আনহাতে, ৰিয়াৰ ভ্ৰাতৃ সৌভিক চক্ৰৱৰ্তীয়ে এনচিবিৰ তদন্তত ড্ৰাগছৰ সন্দৰ্ভত কৈছিল যে, সৌভিকে সুশান্তৰ বাবেহে ড্ৰাগছ ক্ৰয় কৰিছিল। যিহেতু এই সন্দৰ্ভত পুনৰ ভালদৰে সোধপোচ কৰাতো অত্যন্ত গুৰুত্বপূৰ্ণ সেয়ে ৰিয়াক পুনৰ সোধ পোচ কৰিবলৈ অহাকালি মাতি পঠিওৱা হ’ব ।

Exit mobile version