গ্ৰেপ্তাৰ হ’ল সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী

rhea chakraborty 232 0

অৱশেষত NCBয়ে গ্ৰেপ্তাৰ কৰিলে সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক। ইয়াৰ পাছতেই ৰিয়াক মেডিকেল টেষ্টৰ কাৰণে লৈ যোৱা হৈছে ৷ আজি NCB য়ে তৃতীয় দিনৰ কাৰণে ৰিয়াক সোধপোছ কৰে । ইয়াৰ পূৰ্বে সোমবাৰে NCB য়ে ৮ ঘন্টাক জেৰা কৰে অভিনেত্ৰীগৰাকীক ।

ADVERTISEMENT

NCBয়ে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী আৰু চেমুৱেল মিৰাণ্ডাক সকলোকে একেলগে বহুৱাই সোধপোছ কৰে। কিন্তু ৰিয়াই নিজেই ড্ৰাগচ গ্ৰহণ নকৰাৰ বিষয়ে সদৰী কৰে ৷ অৱশ্যে সুৰা আৰু চিগাৰেট সেৱন কৰাৰ কথা মানি লয় ৰিয়াই ।লগতে ৰিয়াই কয় যে যি কৰিছিল সকলো সুশান্তৰ কাৰণেই কৰিছিল ।

ইফালে ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হোৱাৰ পিছতে বিহাৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই কয় “NCB ৰ লগত ৰিয়াৰ বিৰুদ্ধে সকলো প্ৰমাণ আছে  ৷ ৰিয়াৰ যে ড্ৰাগছ সৰবৰাহকাৰীৰ লগত সম্পৰ্ক আছিল সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে ।”

আনহাতে ৰিয়াৰ অধিবক্তাই কয়, “তিনিটা বিভাগৰ লোকে এজনী ছোৱালী পিছত এই কাৰণেই পৰিছে যে তেওঁ এটা ড্ৰাগছ সেৱন কৰা ল’ৰাৰ প্ৰেমত পৰিছিল । সুশান্ত বহু বছৰ ধৰি মানসিক সমস্যাত ভূগি আছিল । কিন্তু সুশান্তে ঔষধ খোৱাৰ বিপৰীতে আত্মহত্যা কৰিলে ৷”

Exit mobile version