মায়া ছাৰাভাইৰ বাবে নহয়, ৰিয়া চক্ৰৱৰ্তীৰ পিতৃ ইন্দ্ৰজিত চক্ৰৱৰ্তীৰ বাবেহে সম্প্ৰতি টুইটাৰত ট্ৰেণ্ডত আছে মধ্যবিত্ত সম্পৰ্কীয় Memes

923475 rhea chakraborty middle class memes

টুইটাৰত সম্প্ৰতি ট্ৰেণ্ডত আছে #IAmSoMiddleClass . বলিউদৰ অন্যতম জনপ্ৰিয় এটি চৰিত্ৰ মায়া ছাৰাভাইৰ এটি ডাইলগৰ ওপৰত ভিত্তি কৰি ভাইৰেল হৈছে এই কেপচনটো । দেওবাৰে ৰিয়া চক্ৰৱৰ্তীৰ পিতৃয়ে তেওঁৰ পুত্ৰ সোভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত যি প্ৰতিক্ৰিয়া আগবঢ়াই তেওঁলোকৰ মধ্যবিত্ত পৰিয়ালটিক ধ্বংস কৰাৰ কথা প্ৰকাশ কৰিছিল তাৰ পিছতেই টুইটাৰত আৰম্ভ হয় এই ট্ৰেণ্ডটো। বিভিন্নজনে ভিন্ন ধৰণেৰে ট্ৰল কৰি hastag Caption টোৰ সৈতে বিভিন্ন মন্তব্য আগবঢ়ায় ।

উল্লেখ্য যে শুক্ৰবাৰে নিশা সৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰৰ পিছত ৰিয়া চক্ৰৱৰ্তীৰ পিতৃয়ে দেওবাৰে ভাৰতক অভিনন্দন জনাই পৰৱৰ্তী সময়ত ৰিয়া গ্ৰেপ্তাৰ হ’ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ।

লেফটেনেণ্ট কৰ্ণেল ইন্দ্ৰজিত চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে যে, “অভিনন্দন ভাৰত, আপুনি মোৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে। মই নিশ্চিত যে, ইয়াৰ পিছত ৰিয়াক গ্ৰেপ্তাৰ কৰিব আৰু তাৰ পিছত কোন সেয়া মোৰ জ্ঞাত নহয়। আপুনি এটা মধ্যবিত্তপৰিয়ালক প্ৰভাৱিত ৰূপত ধ্বংস কৰিছে । কিন্তু ন্যায়ৰ বাবে সকলো ন্যায়সংগত , জয় হিন্দ ।”

আনহাতে, দেওবাৰে ৰিয়া চক্ৰৱৰ্তীক এন চি বিৰ দলে ড্ৰাগছৰ তদন্তত প্ৰায় ৬ ঘণ্টা সোধ পোচ কৰাৰ অন্তত ৰিয়াই কয় যে, ‘নিজে ড্ৰাগছ ক্ৰয় কৰিছিল, কিন্তু কোনোদিনে সেৱন কৰা নাছিল।’

Exit mobile version