সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ ৯৪ সংখ্যক জন্মদিনৰ কাৰ্যসূচী ৰূপায়ন

download 1 1

“সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি যত্ন ৰাখিব লাগিব। তেতিয়াহে সুধাকণ্ঠগৰাকীক আমি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ’ব।” এই মন্তব্য ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ। আজি সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৯৪ সংখ্যক ওপজা দিন উপলক্ষে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰ উপস্থিত থাকি মন্ত্ৰী দলেই এনেদৰে কয়।

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত “স্মৃতি তৰ্পণ অনুষ্ঠান”ত উপস্থিত থাকি মন্ত্ৰী দ’লেই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি মন্ত্ৰী দলেই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ অসমৰ জাতীয় জীৱনলৈ থকা অনবদ্য অৱদানৰ বাবে অসমীয়া জাতি সদায় তেওঁৰ ওচৰত চিৰঋনী হৈ ৰ’ব বুলি মন্তব্য কৰে।

ক’ভিড প্ৰট’কলৰ নীতি নিয়ম অনুসৰি আয়োজিত উক্ত অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ভাষণ প্ৰসংগত সুধাকণ্ঠৰ গীতৰ কলি গুণগুনায়। ভাষণ প্ৰসংগতে গোস্বামীয়ে কয়, “সুধাকণ্ঠ ড° ভূপেন হাজৰিকা নিশ্চিতভাবে প্ৰতিভা আছে। কিন্তু তেওঁৰ প্ৰতিভাৰ সমান্তৰালভাবে তেওঁ উদাৰ মনোভাবৰ বাবেও বিশ্ববিখ্যাত আছিল।”

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকি সুধাকণ্ঠ গৰাকীৰ ভগ্নী সুদক্ষিণা শৰ্মাই কয়, “ভূপেন দাই গীতৰ মাজেৰে এখন সুন্দৰ সমাজ গঢ়াৰ ভাবে অহৰহ চেষ্টা কৰিছিল। য’ত ধনী-দুখীয়াৰ মাজত কোনো প্ৰভেদ নাথাকিব। আজি তালৈ বৰকৈ মনত পৰিছে।”

ভাষণ প্ৰসংগত কিছু আবেগিক হৈ শৰ্মাই সুধাকণ্ঠ গৰাকীৰ কেইবাটাও কালজয়ী গীত গুণগুনায়। মাতৃ শৰ্মাক গানৰ সহযোগ কৰি সুধাকণ্ঠৰ ভাগিন ঋষিৰাজ শৰ্মাইও গীত পৰিৱেশণ কৰে। অনুষ্ঠানত উপস্থিত থাকি কণ্ঠশিল্পী বিদ্যাসাগৰে সুধাকন্ঠৰ কেইবাটাও কালজয়ী গীত পৰিবেশনেৰে বিশ্ববৰেণ্য শিল্পীগৰাকীক স্মৰণ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিশ্বৰত্ন ড° ভূপেন হাজৰিকা শাখা সাহিত্য সভা আৰু বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ যৌথ উদ্যোগত “মন্থন” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

Exit mobile version