জয়পুৰৰ প্ৰত্ৰিকা গেট আৰু প্ৰত্ৰিকা গ্ৰুপৰ অধ্যক্ষ গুলাব কোঠাৰীৰ দুখন গ্ৰন্থ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰি সংবাদ মাধ্যমৰ সন্দৰ্ভত কয় যে ভাৰতীয় সংবাদ মাধ্যমৰ বিশ্বায়নৰ প্ৰয়োজনীয়তা আছে ৷
লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় “আমাৰ বাতৰিকাকত আৰু আলোচনীসমূহৰ বিশ্বত এক বিশেষ স্থান আছে ৷ আমি ডিজিটেলভাৱে সমগ্ৰ বিশ্বত বিয়পি পৰিছো । ইণ্ডিয়ান ইনষ্টিটিউটে বিশ্বৰ বিভিন্ন প্ৰান্তত শৈক্ষিক পুৰস্কাৰ প্ৰদান কৰিছে ৷”
লগতে ক’ভিড-১৯ মহামাৰীৰ সময়ত দেশবাসীৰ মাজত মহামাৰীৰ বিৰুদ্ধে ল’ব লগা সজাগতাত সংবাদমাধ্যমৰ অৰিহনাৰ সন্দৰ্ভত মন্তব্য কৰে মোদীয়ে ৷ সংবাদমাধ্যমে সকলো ক্ষেত্ৰতে সমালোচনা কৰে ৷ কিন্তু সকলোৱে এই সমালোচনাৰ পৰা শিকিবলগীয়া আছে ।
লগতে মোদীয়ে প্ৰসংগক্ৰমে স্বচ্ছ ভাৰত অভিযান, উজ্জ্বলা আঁচনি, কৰ’না ভাইৰাছৰ সজাগতা, আত্মনিৰ্ভৰশীল ভাৰত আদি পদক্ষেপত সংবাদ মাধ্যমৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে । ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰত্যেকৰ ঘৰতে সৰুকৈ হ’লেও পুথিভঁৰাল গঢ়ি তুলিবলৈ আহ্বান কৰে।
লগতে পৰিয়ালৰ প্ৰত্যেকজন মানুহকেই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈও আহ্বান কৰে । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ লগতে ভাৰ্ছুৱেল অনুষ্ঠানটোত ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰা আৰু মুখ্যমন্ত্ৰী আশোক গেহলটে অংশগ্ৰহণ কৰিছিল।