সুশান্ত-ৰিয়াৰ Media Trial ৰ বিৰুদ্ধে পি আই এল

Sushant Singh Rhea Chakraborty Vividrage

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত চলি থকা মিডিয়া ট্ৰায়েলৰ গোচৰটোত ৰিয়া চক্ৰৱৰ্তীক লৈ পক্ষ কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ৷উচ্চ ন্যায়ালয়ে লগতে CBI,ED আৰু NCB ক অতিৰিক্ত সাক্ষী গোটাবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে তিনিটা ভিন্ন এজেন্সীয়ে সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত তদন্ত কৰিছে ।সুশান্তে ১৪ জুনত সুশান্তে মুম্বাইস্থিত বাসগৃহত আত্মহত্যা কৰে ।ইয়াৰ পাছৰে পৰা সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী চৰ্চাত আছে।

অভিনেতা সুশান্তৰ পৰিয়ালে ৰিয়াই সুশান্তক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা আৰু বেংকৰ পৰা ১৫ কোটি টকা হৰলুকি কৰাৰ অভিযোগ কৰিছে ৷আনহাতে ৰিয়া চক্ৰৱৰ্তীক ইতিমধ্যে NCB য়ে সুশান্তক মাদক দ্ৰব্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে ৰিয়াৰ ভ্ৰাতৃ সৌভিক চক্ৰৱৰ্তীকো NCB য়ে মাদক দ্ৰব্য লোৱাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু মাদক দ্ৰব্য সৰবৰাহৰ সন্দৰ্ভত গ্ৰেপ্তাৰৰ জামিন আবেদনৰ সন্দৰ্ভত শুক্ৰবাৰে সিদ্ধান্ত ল’ব মুম্বাই আদালতে । আজি মুম্বাইৰ এখন বিশেষ আদালতে ৰিয়াৰ জামিন আবেদনৰ সন্দৰ্ভত কয় যে ইয়াৰ সিদ্ধান্ত হ’ব শুক্ৰবাৰে। উল্লেখযোগ্য যে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত অভিযুক্ত ৰিয়াক NCB য়ে একাধাৰে তিনিদিন জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে ৷ইয়াৰ পাছত ৰিয়াক আদালতলৈ নিয়া হৈছিল। আৰু আদালতে ৰিয়াক ২২ ছেপ্টেম্বৰলৈকে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি ৰিয়া আছে ভায়খলা কাৰাগাৰত।

আনহাতে,ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত বৃহস্পতিবাৰে চেচন আদালতত শুনানি হয়।যদি আদালতে ৰিয়াৰ আবেদন নাকচ কৰে ৷ ৰিয়াৰ আবেদনৰ সন্দৰ্ভত কি সিদ্ধান্ত ল’ব সেয়া নিৰূপণ হ’ব শুক্ৰবাৰে ৷কিন্তু এইবাৰ ৰিয়াই নিজৰ ভাষ্য বহু সলনি কৰিছে ৷ৰিয়াৰ মত অনুসৰি” NCB য়ে জেৰা কৰাৰ সময়ত ৰিয়াক নিজক “দোষী সাব্যস্ত কৰা” ভাষ্য দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।”ৰিয়াই দাবী কৰে যে তেওঁ কোনো অপৰাধ কৰা নাই৷

Exit mobile version