চোৰাং কাঠৰ বেহা অব্যাহত অসম-মেঘালয়ৰ সীমান্তত

WhatsApp Image 2020 09 11 at 5.56.18 PM

অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত এতিয়াও অব্যাহত আছে চোৰাং কাঠৰ বেহা । পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জেৰিকীন্দেঙৰ ইংহীন-লাংছ’ নামৰ ঠাইৰ পৰা নিশা চোৰাং কাঠৰ কুণ্ডাসহ জব্দ হয় এখন বলেৰ’ পিক-আপ ভেন । কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠৰ কুণ্ডাসমূহ সৰবৰাহ কৰি থকা অৱস্থাত জব্দ হয় এম এল ০৪ চি ৬০৪৬ নম্বৰৰ বলেৰ’ পিক-আপ ভেনখন ।

উল্লেখযোগ্য যে বন বিভাগৰ নিয়মীয়া অভিযানত চোৰাং কাঠৰ কুণ্ডাসহ উক্ত বলেৰ’ পিক-আপ ভেনখন জব্দ হয় যদিও সৰবৰাহকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ হয় বন বিভাগ । বিৱৰণী অনুসৰি বিভাগীয় লোক উক্ত স্থান পোৱাৰ পূৰ্বেই আন্ধাৰৰ সুযোগ লৈ কাঠ চুৰ তথা চালক-হেণ্ডিমেনে সেই স্থানৰ পৰা পলায়ন কৰে । এনেদৰে চোৰাং কাঠৰ চোৰাং বেহা আৰু অবাধ বনাঞ্চলৰ ধ্বংসলীলা আজিও অব্যাহত আছে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ এনেবোৰ অঞ্চলত।

Exit mobile version