৩০ খন আসনেৰে বি টি আৰ দখল কৰিব ইউপিপিএলে – ইউ জি ব্ৰহ্ম

IMG 20200911 WA0024

ক’ভিড-১৯ৰ বাবে বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ মাজত সম্প্ৰতি আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ । বিপিএফ, বিজেপি, কংগ্ৰেছ, ইউপিপিএল আদি কৰি কোনো দল, সংগঠনে বহি থকা নাই ।

তেনে এক সময়তে বাক্সা জিলাৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাউৰবাহাৰ গোহাঁই গাঁৱত আজি এনডিএফবিৰ ৰঞ্জন আৰু সংবিজিত গ্ৰুপৰ ৫০ জন সদস্য সহ, বিজেপি, বিপিএফ আৰু কংগ্ৰেছৰ প্ৰায় পাঁচ শতাধিক কৰ্মী ইউপিপিএলত যোগদান কৰে ।

এই যোগদানত কাৰ্য্যসূচীত প্ৰাক্তন সাংসদ তথা বৰ্তমান ইউ পি পি এলৰ উপদেষ্টা ইউ জি ব্ৰহ্মই অংশগ্ৰহণ কৰি কয়, বৰ্তমান বিটিআৰ ৰাইজে নিৰ্বাচনৰ দিনটোলৈ বাট চাই আছে । কাৰণ বিটিএডিৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ চৰকাৰৰ ১৭ বছৰ ৰাজত্ব ৰাইজে দেখিছে ।

বিপিএফে শাসনৰ নামত ৰাইজক কি দিলে আৰু কি কৰিলে সেইটো বহলাই কোৱাৰ প্ৰয়োজন নাই যদিও তেখেতে পাঁচ বছৰ সাংসদ হৈ থকাৰ পিছতো এটা ভাল ঘৰ আৰু এখন দামী গাড়ীও নাই বুলি কয় । কিন্তু তাৰ বিপৰীতে আজি বিপিএফৰ এজন সাধাৰণ নেতাৰ ঘৰত ৰজাৰ দৰে থকা, খোৱাৰ- পাইছো, ঘৰ, দামী দামী বিলাসী গাড়ী থকাৰ কথা উল্লেখ কৰি কয় যে ‘এইবোৰ দুৰ্নীতিৰ অবিহনে সম্ভৱ হ’ব নহয় । এনেবোৰ দুৰ্নীতিৰ বাবে সমাগত পৰিষদীয় নিৰ্বাচনত বিপিএফক উফৰাই ইউ পিপি এলৰ চৰকাৰ অনাৰ বাবে ককালত টঙালি বান্ধি হাজাৰ হাজাৰ ৰাইজ আমাৰ দলত যোগদান কৰি ওলাই আহিছে ।

সেয়েহে এইবাৰ চতুৰ্থ বিটিএডি পৰিষদীয় নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ইউ পিপিএলে ৩০ খন আসন লাভ কৰি একক ভাবে চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে । আজি গোহাঁইগাও খেলপথাৰত বিয়লি তিনি বজাত ইউপিপিএলৰ অন্যতম সদস্য বিপুল বসুমতাৰীৰ সভাপতিত্বত কে’বাসহস্ৰাধিক ৰাইজৰ উপস্থিতিত কৰ্মীসভাত কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ইউছুপ আলীয়ে বড়ো আৰু অসমীয়া ভাষাত হাগ্ৰামা মহিলাৰীৰ সোঁতৰ বছৰীয়া অপশাসনৰ বিস্তৃত বাখ্যা দাঙি ধৰি সমাগত বিটিচি নিৰ্বাচনত প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলক ভোট দিয়াৰ বাবে আহ্বান জনাই ইউপিপিএল লং লিভ, প্ৰমোদ বড়ো লং লিভ শ্লোগানেৰে উত্তাল কৰে ।

এই সভাখনৰ আঁত ধৰে দেৱজিৎ ব্ৰহ্মই । ইয়াৰ পিছতে আকৌ কাউৰবাহাৰ ইন্দিৰা প্ৰেক্ষাগৃহত তিনি শতাধিক সংখ্যালঘু পুৰুষ, মহিলাই ইউপিপিএলত যোগদান কৰি ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োক বিপুল ভোটত জয়ী কৰাৰ বাবে সংকল্পগ্ৰহণ কৰে । এই যোগদান কাৰ্যসূচীত প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ উপদেষ্টা ইউ জি ব্ৰহ্ম উপস্থিত থাকি ধৰ্মীয় সংখ্যালঘু ৰাইজক যোৱা সোঁতৰ বছৰে মাথো প্ৰতাৰণা কৰা বুলি ভাষণ আগবঢ়ায় ।

Exit mobile version