দৈ খাবলৈ পছন্দ কৰে নে ? পিছে কিছুমান খাদ্যৰ লগত ‘দৈ’ ভুলটো নাখাব

yogurt

Portrait of beautiful young woman eating yogurt at home.; Shutterstock ID 564161938; job: Job (TFH, TOH, RD, BNB, CWM, CM)

দৈ খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী। দৈ ত কেলছিয়াম ,ভিটামিন বি -২,বি -১২ ,মেগনেছিয়াম, পটাছিয়াম আদি বিভিন্ন ভিটামিনৰে ভৰপূৰ ।অতি সহজে দৈ হজম হয় ।দৈৰ সেৱনে হৃদৰোগ,হাইপ্ৰেচাৰ আদি বেমাৰ হোৱা আশংকা দূৰ কৰে লগতে হাড় আৰু দাঁতো মজবুত কৰে । দৈক বহুতে বহু ধৰণেৰে সেৱন কৰে ।যিকোনো খাদ্যৰ ৰেছিপিৰ তৈয়াৰ কৰিলে ,চালাডৰ লগত ,ৰাইটা হিচাপেও দৈক সেৱন কৰা হয় ।পিছে কিছুমান খাদ্যৰ লগত দৈ একেলগে খাবলৈ নালাগে ।এই ধৰণৰ সেৱনে মানুহৰ শৰীৰত বিৰূপ প্ৰতিক্ৰিয়া ঘটাব পাৰে।তেনে ধৰণৰ কিছু খাদ্য তলত উল্লেখ কৰা হ’ল-

.পিয়াজ- বিৰিয়ানীৰ ৰাইটা খাবলৈ বহুতে পছন্দ কৰে ।বহুতে ৰাইটাত দৈৰ লগত পিয়াজ দিওঁ ৰাইটা তৈয়াৰ কৰে ।পিছে ,দৈৰ লগত পিয়াঁজ ভুলটো নাখাব ।কাৰণ দৈ বহুত ঠাণ্ডা আনহাতে পিয়াঁজে মানুহৰ শৰীৰত তাপমাত্ৰা বৃদ্ধি কৰে ।গতিকে দৈ-পিয়াজ একেলগে পৰিবেশন কৰিলে দুয়োটাৰে ভাৰসাম্য আমাৰ শৰীৰে সহিব নোৱাৰে ।ফলত বিভিন্ন ধৰণৰ ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে ।২.আম- আমৰ লগতো দৈ খোৱাটো উপযোগী নহয় ।’ফ্ৰুট চালাড’ অথবা ‘মেংগ’ শ্বেক’ ত বহুতে দৈ মিহলাই খায় ।পিছে আমে ও মানুহৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰে ।ফলত দৈৰ লগত আম একেলগে খাব নালাগে ।

৩.গাখীৰৰ লগতো দৈ একেলগে খাবলৈ নালাগে ।কাৰণ দৈ আৰু গাখীৰ দুয়োটাই প্ৰটিনৰ উৎস ।দুয়োবিধ একেলগে শৰীৰে গ্ৰহণ কৰিবলৈ নোৱাৰে ।ফলত ডায়েৰিয়া,এচিডিটি, গেছ আদিৰ সমস্যা হ’ব পাৰে ।

৪.মাটি ডাইলৰ লগতো দৈ সেৱন কৰা অনুচিত।দুয়োবিধ একেলগে সেৱন কৰিলে পাচন ক্ৰিয়া বিঘ্নিত হ’ব পাৰে ।

৫.ঘী সনা পৰঠাৰ লগত দৈ খোৱাৰ সোৱাদ কোনে পাহৰিব পাৰে ।বহুতে পুৰী -পৰঠাৰ লগত লাছি ও সেৱন কৰে ।পিছে এইধৰণৰ অত্যাধিক তেলযুক্ত খাদ্যৰ লগত দৈ সেৱন কৰিলে মানুহৰ শৰীৰৰ হজম শক্তি হ্ৰাস পায়।

Exit mobile version