ধেমাজি জিলাত ব্যাপক হাৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছে। সম্প্ৰতি জিলাখনত ২,৬৩৮ জন লোক কভিড-১৯ ত আক্ৰান্ত হৈছে।আজিৰ দিনটোতে ধেমাজি জিলাত ৪১৩ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে ১,৭০৮ জন লোক কভিড-১৯ পৰা সুস্থ হৈ উঠাত তেওঁলোকক নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হৈছে।
বৰ্তমানেও জিলাখনৰ ক’ভিড-১৯ হাস্পাতালসমূহত ৯৩০ জন ৰোগী চিকিৎসাধীন হৈ আছে। বৰ্তমান জিলাখনত আই চি ইউৰ অভাৱ দেখা দিছে। যাৰ কাৰণে ক’ভিড-১৯ আক্ৰান্ত সংকটজনক ৰোগীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছে।
জিলাখনত বৰ্তমানলৈকে ক’ভিড-১৯ আক্ৰান্ত হৈ ১৪ জন লোকৰ মৃত্যু হৈছে। জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে বৰ্তমানলৈকে জিলাখনত ৪৭,৯২৭ জন লোকৰ কৰ’না পৰীক্ষা সম্পন্ন হৈছে। সেয়ে জিলা প্ৰশাসনে সকলো লোকক মাস্ক পৰিধান কৰা লগতে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহবান জনাইছে।






























