প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

SSR Death Probe Rhea Chakraborty Names Sara Ali Khan Rakul

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তী সম্প্ৰতি মুম্বাইৰ ভায়খলা কাৰাগাৰত আৱদ্ধ হৈ আছে। মাদক দ্ৰব্য সৰবৰাহত গ্ৰেপ্তাৰ হোৱা ৰিয়াই ইতিমধ্যে জামিন লাভ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে যদিও NCB য়ে ৰিয়াৰ পৰা মাদক দ্ৰব্যৰ সন্দৰ্ভত বহু তথ্য ফাদিল কৰিছে ।ইয়াৰ লগে ৰিয়াৰ লগতে মাদক দ্ৰব্য সেৱন কৰা বহু অভিনেতা-অভিনেত্ৰীৰ নাম এখন তালিকাত অন্তৰ্ভূক্ত হৈছে ৷ৰিয়াই বলীউডত মাদক দ্ৰব্য সেৱন কৰা প্ৰায় ২৫ ৰথী মহাৰথীৰ নাম প্ৰকাশ কৰিছে ৷

ইয়াৰ পাছতেই NCB য়ে বলীউডৰ ২৫ জন মাদকদ্ৰব্য সেৱন কৰা অভিনেতা-অভিনেত্ৰীক জেৰা কৰাৰ সিদ্ধান্ত লৈছে ।NCB য়ে প্ৰথমতে পাঁচ জন অভিনেতা অভিনেত্ৰীক তদন্ত কৰাৰ বাবে নিৰ্বাচিত কৰিছে ৷ তাৰ ভিতৰত সকলোতকৈ হাই প্ৰফাইল নাম হৈছে বলীউডৰ অভিনেত্ৰী ছাৰা আলি খান ৷সীমিত সময়ৰ ভিতৰত বলীউডৰ এক নং অভিনেত্ৰীসকলৰ অন্যতম ছাৰা ৷দ্বিতীয়টো নাম হৈছে দক্ষিণ ভাৰত তথা বলীউডৰ অভিনেত্ৰী ৰকুল প্ৰীত সিং। ৰকুলৰ নামো NCBয়ে মাদক দ্ৰব্য সেৱন কৰা সকলৰ তালিকাত আছে। NCB ৰ তালিকাত থকা মাদক দ্ৰব্য সেৱনৰ লোকসকল হ’ল ডিজাইনৰ চিম’ন খামবাটা,ৰোহিনি আয়াৰ,প্ৰযোজক,পৰিচালক মুকেশ চাব্ৰা আদি।

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰৰ লগতে মাদক দ্ৰব সৰবৰাহৰ কৰাত অভিযুক্ত ৰিয়া আছে Byculla Jail ত ৷এইখন মুম্বাইৰ একমাত্ৰ মহিলা জেইল। এই জেলখনত শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ লগতে বহু হাইপ্ৰফাইল মহিলা অভিযুক্ত আছে ।

Exit mobile version