পুনৰ অসুস্থ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । ৫৫ বছৰীয়া মন্ত্ৰীগৰাকীৰ দেহত ক’ভিড পজিটিভ পোৱাৰ পাছত স্বাধীনতা দিৱসৰ আগদিনা ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট নিগেটিভ অহাত চিকিত্সালয়ৰ পৰা ঘৰলৈ উভতি যাবলৈ দিয়া হয় গৃহমন্ত্ৰীগৰাকীক ।
কিন্তু পুনৰ শাৰীৰিক ভাৱে অসুস্থ হৈ পৰাত আৰু উশাহ লোৱাত অসুবিধা হোৱাত যোৱা ১৮ আগষ্টত এইমছত ভৰ্তি কৰোৱা হয় । চিকিৎসাৰ অন্তত ৩১ আগষ্টত ৰিলিজ দিয়া হয় চিকিৎসালয়ৰ পৰা ।
আনহাতে, মন্ত্ৰীগৰাকী পুনৰ অসুস্থ হৈ পৰাত শনিবাৰে নিশা ১১ বজাত দিল্লীত এইমছত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, “সম্প্ৰতি অমিত শ্বাহ ক’ভিড-১৯ ৰ পৰা সুস্থ হৈ উঠিছিল। কিন্তু সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষাৰ বাবে ১ বা ২ দিনৰ বাবে এইমছত ভৰ্তি কৰোৱা হৈছে ।”
উল্লেখ্য যে, সংসদৰ অধিৱেশন আৰম্ভ হ’ব সোমবাৰৰ পৰা । ক’ভিড-১৯ৰ সাৱধানতাৰ সম্পূৰ্ণ নীতি-নিয়ম মানি চলি, মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত হ’ব সংসদৰ অধিৱেশন।