যোৱা নিশা ধুবুৰীৰ গৌৰীপুৰ পালপাৰাত সাংবাদিকক আক্ৰমণ কৰে এজন আৰক্ষী জোৱানে । উক্ত ঘটনাত আহত হয় অৰুণ পাল নামৰ এজন সাংবাদিক । কৰ্তব্যৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত আগভেটি ধৰি দৈনিক অসম কাকতৰ সাংবাদিক অৰুণ পালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।

সাংবাদিক জনে কোনোমতে প্ৰাণ ৰক্ষা কৰি দৌৰি ঘৰত প্ৰৱেশ কৰাৰ পিছতো ঘৰৰ ভিতৰত প্ৰবেশ কৰি পুনৰ আক্ৰমণ কৰে । ইয়াৰ পিছতে উক্ত ঘটনাত আহত সাংবাদিক পালক স্থানীয় ৰাইজে চিকিৎসালয়ত লৈ যায় । পিছত সাংবাদিক জনে আক্ৰমণকাৰী আৰক্ষী জোৱান সুব্ৰত সৰকাৰৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও সুব্ৰত সৰকাৰ বৰ্তমানে পলাতক বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।
উল্লেখ্য যে, সুব্ৰত সৰকাৰ গোৱালপাৰাত বৰ্তমান কৰ্মৰত । ধুবুৰী জিলা বাৰ্তাজীৱি সংঘই সাংবাদিকক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।
উল্লেখযোগ্য যে সাংবাদিক অৰুণ পাল ধুবুৰী জিলা বাৰ্তাজীৱি সংঘৰ সাধাৰণ সম্পাদক। ইপিনে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি ধুবুৰী জিলা বাৰ্তাজীৱি সংঘই ধুবুৰী জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে ।