তামুলপুৰৰ যুৱকৰ দুয়ােটা বৃক্ক বিকল : চিকিৎসাৰ বাবে প্রয়ােজন বৃহৎ পৰিমাণৰ ধন

saline 1548140314 1582895698

তামুলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী গাঁও নিবাসী পৰেশ তালুকদাৰৰ একমাত্র পুত্র দ্বীপজ্যোতি তালুকদাৰ ২২ বছৰীয়া যুৱকজনৰ দুয়ােটা বৃক্ক বিকল হৈ সম্প্রতি শৰ্যাগত হৈ আছে । দীর্ঘদিন ধৰি অসুস্থ হৈ জীৱন আৰু মৃত্যুৰ সতে যুঁজি আছে দ্বীপজ্যোতি তালুকদাৰ । পুত্রক উপযুক্ত চিকিৎসা কৰিব নােৱাৰি চকুপানীৰে বাট বুলিছে পিতৃ-মাতৃ আৰু আত্মীয় স্বজনে। একমাত্র সন্তান দ্বীপজ্যোতিৰ অসুস্থতাৰ বাবে মুখৰ মাত হেৰুৱাইছে পিতৃ-মাতৃয়ে  ।

পিতৃ-মাতৃ আৰু আত্মীয় স্বজনে কেৱল নেদেখাজনক নিজ সন্তানৰ আশু আৰােগ্য কামনাৰে প্রার্থনা জনাইছে । অতি দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত যুৱক দ্বীপজ্যোতিৰ চিকিৎসাৰ নামত ইতিমধ্যেই পৰিয়ালটোৱে সর্বস্ব হেৰুৱাইছে । দ্বীপজ্যোতিৰ মাতৃয়ে নিজ সন্তানক বৃক্ক দান কৰাৰ সিদ্ধান্ত লৈছে যদিও ৰাজ্যৰ বাহিৰলৈ নিবৰ বাবে পৰিয়ালটোক প্রয়ােজন হৈছে বহু লক্ষাধিক টকাৰ ।

উপায়বিহীন হৈ পৰিয়ালটোৱে শৰণাপন্ন হৈছে তামুলপুৰ আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ । অসম চৰকাৰ, স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মা আৰু হৃদয়বান লােকৰ পৰা পৰিয়ালটোৱে বিচাৰিছে আর্থিক সাহায্য। কোনাে লােকে আর্থিক সাহায্য আগবঢ়াব বিচাৰিলে দ্বীপজ্যোতিৰ পিতৃ পৰেশ তালুকদাৰৰ নামত অসম গ্রামীণ বিকাশ বেংকৰ ৰঙিয়া শাখাত থকা একাউন্ট নম্বৰত ধন জমা কৰিবলৈ অনুৰােধ জনাইছে ।

একাউন্ট নম্বৰটো 7292010010400 । IFSC Code UTBIORRBAGB । নাইবা তেওঁৰ পিতৃ পৰেশ তালুকদাৰৰ দূৰভাষ 9854864904, এই নম্বৰত যােগাযােগ কৰিবলৈ পৰিয়ালৰ লােকে অনুৰােধ জনাইছে । ইপিনে তামুলপুৰ আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থায়াে অসহায় পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রী আৰু অসমবাসী ৰাইজক অনুৰােধ জনাইছে ।

আপােনাৰ অকণমান সহায়ে পৰিয়ালটোলৈ আনিব পাৰে আশাৰ বতৰা । চৰকাৰ তথা হৃদয়বান লােকৰ সহায়খিনিক মূলধন হিচাপে লৈ একমাত্র পুত্র সন্তানটিক সুস্থভাৱে ঘূৰাই পালে পৰিয়ালটোৱে চিৰ কৃতজ্ঞ হৈ ৰ’ব ।

Exit mobile version