পানীমেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে তিনিচুকীয়াৰ ১২ গৰাকী মহিলাৰ গোটে

IMG 20200915 WA0008

আপুনি মই সততে পেলনীয়া বুলি ভবা পানীৰ মেটেকাৰো আদৰ আছে এই সমাজত, মাথোঁ লাগে আন্তৰিকতা ৷ তাকেই প্ৰমাণ কৰি দেখোৱাইছে তিনিচুকীয়া বজালতলীৰ নাৰ্জী আত্মসহায়ক গোটে ৷ অসম ৰাজ্যিক গ্ৰামীণ অজীৱিকা অভিযানৰ অন্তৰ্গত গুইজান ব্লকৰ পৰা গুৱাহাটীত নেটফ্ৰীত পানীৰ মেটেকাৰ পৰা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণৰ এশটা আত্মসহায়ক গোটে ২০১৮ বৰ্ষতে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷

 

তিনিচুকীয়া জিলাৰো বহুকেইটা আত্মসহায়ক গোটে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল যদিও আধাতে সামৰিলে বহুকেইটা গোটে । ইয়াৰ মাজতে নাৰ্জী আত্মসহায়ক গোটে আৰম্ভণিৰে পৰা বহু কষ্ট কৰি ১২ গৰাকীকৈ মহিলাই নিজক স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে ৷

গোটটোৱে নগাঁৱৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা পৰিয়ালৰ লগতে স্থানীয় যুৱকৰ সহযোগত মেটেকাসমূহ উঠাই আনি নিজ ঘৰতে শুকোৱাই বিগত দুটা বছৰধৰি অতি আকৰ্ষণীয়কৈ বেগ, মহিলাৰ বেগ, টুপি, ডাইনিং মেট, ফুলৰ টাব, চ’ফা কভাৰ, বিচনী, নথিপত্ৰ ৰখাৰ ফাইল, সামগ্ৰী ৰখা পাত্ৰ, মিঠাই উপহাৰ দিয়াৰ পাত্ৰৰ লগতে বিভিন্ন সৌন্দৰ্য বৰ্দ্ধনৰ কাৰণে ৰখা বহু সামগ্ৰী তৈয়াৰ কৰি আহিছে আহিছে ৷

তৈয়াৰ কৰা এই সামগ্ৰীসমূহ বৰ্তমান কৰ’নাৰ সন্ত্ৰাসৰ কাৰণে সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে বিক্ৰী কৰিবলৈ যথেষ্ট অসুবিধা হোৱাৰ লগতে অৰ্ডাৰ লোৱা সামগ্ৰীসমূহো প্ৰেৰণ কৰিবলৈ অসুবিধাৰ সন্মূখীন হোৱাৰ কথা প্ৰকাশ কৰিছে গোটটোৰ সভানেত্ৰী স্মৃতিৰাণী চেতিয়াই ৷

নাৰ্জী আত্মসহায়ক গোটটোৰ ১২ গৰাকী মহিলা ক্ৰমে স্মৃতিৰেখা চেতিয়া, সোণপাহি দুৱৰা হাজৰিকা, নমিতা শইকীয়া, ৰূপালী বৰা, নীতি বৰুৱা, প্ৰণতি শইকীয়া, ৰঞ্জনা গগৈ, মৌচুমী ফুকন, দীপিকা দাস, ইলাৱতী হাজৰিকা, পুস্পা দেউৰী, কনকলতা চুতীয়া, বিনদা গোঁহায়ে নিজৰ অধ্যাৱসায়ৰ বলত প্ৰতিগৰাকী মহিলাই প্ৰায় সাত হাজাৰ টকাৰ পৰা ন হাজাৰ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিব দিয়ে ৷

গোটটোৰ মহিলা সকলে কয় যে, “নদী বা পুখুৰীত আমি সকলোৱেই পানীমেটেকা দেখিছোঁ, কিন্তু সেই মেটেকাৰ পৰাই যে আমি প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হব পাৰি সেই কথা আমি কেতিয়াও ভবা নাছিলোঁ ৷ আমি অতি কমসময়ৰ ভিতৰতে প্ৰশিক্ষণ গ্ৰহণ কৰি এতিয়া পানীমেটেকাৰে নানা প্ৰয়োজন সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হৈ ঘৰখনক কিছু সকাহ দিবলৈ সম্ভৱ হৈছো ৷

পানীমেটেকাৰে তৈয়াৰ কৰা ভিন্ন সামগ্ৰী ৰাজ্য তথা দেশৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰিবলৈ সক্ষম হ’ব পাৰিছো আমি ৷ এগৰাকী মহিলাই যে মাথোঁ পাকঘৰতে বন্দী হৈ থাকিব তেনে নহয়, আমি নিজৰ দায়িত্ব পালন কৰিও ঘৰখন চলোৱাত এনেবোৰ কামৰ জৰিয়তে সহায় কৰিব পাৰোঁ ৷ অতি কম সময়তে প্ৰশিক্ষণ লৈ নিজ ঘৰতে টকা উপাৰ্জন কৰাৰ এয়া অতি উত্তম উপায় ৷”

Exit mobile version