বক্ষবিদাৰক পোছাক পৰিধানৰ বাবে সংগ্ৰহালয়ত প্ৰৱেশত বাধা

Screenshot 100

দিন আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে সমাজৰো পৰিৱৰ্তন হৈছে । কিন্তু ইয়াৰ পাছতো মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই বহু লোকৰ । ছ’চিয়েল মিডিয়াত এগৰাকী ফৰাচী যুৱতীৰ মুকলি চিঠি এখন ‘ভাইৰেল’ হোৱাৰ পাছত আটাইবিলাক কথা পুনৰ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজনো হৈছে ।

যুৱতীগৰাকীয়ে পৰিধান কৰা বক্ষবিদাৰক পোছাকক লৈ উত্থাপন কৰা প্ৰশ্নৰ ‘অপমান’ অনুভৱ কৰি মনৰ দুখ ৰাজহুৱা কৰিছিল চিঠিখনৰ মাধ্যমত ।যুৱতীগৰাকীয়ে ‘ইনষ্টাগ্ৰাম’ যোগে ৰাজহুৱা কৰা চিঠিখনত অপমান অনুভৱ কৰা এই ঘটনাৰ বিস্তাৰিত বিৱৰণো দিছে ।

চিঠিখনৰ ভাষ্য অনুসৰি যুৱতীগৰাকীয়ে এজন বন্ধুৰ স’তে সংগ্ৰহালয় দৰ্শনৰ বাবে গৈছিল । সংগ্ৰহালয়ত প্ৰৱেশৰ বাবে ক্ৰয় কৰিছিল টিকট; কিন্তু টিকট পৰীক্ষা কৰাৰ পাছতো নিৰাপত্তাৰক্ষীয়ে যুৱতীগৰাকীক সংগ্ৰহালয়ৰ ভিতৰত প্ৰৱেশত বাধা দান কৰে । নিৰাপত্তাৰক্ষীজনৰ মতে যুৱতীগৰাকীয়ে বক্ষবিদাৰক পোছাক পৰিধান কৰি আহিছে ।

যুৱতীগৰাকীয়ে দাবী কৰা অনুসৰি নিৰাপত্তাৰক্ষীজনৰ মুখৰ পৰা ওলোৱা এনে কথা শুনাৰ পাছত ওচৰত উপস্থিত অন্যান্য সকলে তেওঁৰ ফালে চাবলৈ আৰম্ভ কৰে । স্বাভাৱিকতে এনে পৰিস্থিতিত তীব্ৰ লজ্জাবোধৰ লগতে অপমানো অনুভৱ কৰে যুৱতীগৰাকীয়ে । পোছাক সলনি কৰি আহিলেহে সংগ্ৰহালয়ত প্ৰৱেশ সম্ভৱ হ’ব বুলিও জনায় নিৰাপত্তাৰক্ষীয়ে ।

সংগ্ৰহালয়ত প্ৰৱেশৰ ক্ষেত্ৰত নিৰ্দিষ্ট নীতি-নিয়ম আছে নেকি বুলি সোধা যুৱতীগৰাকীৰ প্ৰশ্নৰো উত্তৰ দিয়াটো প্ৰয়োজনীয় বুলি গণ্য নকৰিলে নিৰাপত্তাৰক্ষীজনে । অৱশেষত সংগ্ৰহালয়ত প্ৰৱেশ নকৰাকৈয়ে উভতি যায় যুৱতীগৰাকী ।

পাছত ছ’চিয়েল মিডিয়াত সমগ্ৰ ঘটনা ৰাজহুৱা হোৱাৰ পাছত যুৱতীগৰাকীৰ স’তে সহমত প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰিছে অধিক সংখ্যকে । বহুজনে নিৰাপত্তাৰক্ষী জনৰ কাৰ্যক মধ্যযুগীয় বৰ্বতাৰ স’তে তুলনা কৰিছে ।যুৱতীগৰাকীৰ ওচৰত সংগ্ৰহালয় কৰ্তৃপক্ষই ইতিমধ্যে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে।

Exit mobile version