বজালীৰ ইতিহাসৰ দলিল বজালী দৰ্পন পুনৰ মুদ্ৰণৰ দাবী

WhatsApp Image 2020 09 15 at 8.19.03 PM

বজালীৰ বহু ঐতিয্যৰ সাক্ষী বহন কৰা অন্যতম উৎস হৈছে অসম সাহিত্য সভাৰ বজালী দৰ্পন । এতিয়া বজালীৰ ঐতিয্য ৰক্ষাৰ বাবে ই অতি প্ৰয়োজন হৈ পৰিছে বজালী দৰ্পনৰ পুনৰ মুদ্ৰণ । নামনিৰ অন্যতম ঐতিহ্য ক্ষেত্ৰ বজালী আজি জিলা লৈ উন্নীত হোৱাৰ পথত । পৌৰাণিক বহু ঘটনাৰ সতে জড়িত হোৱাৰ উপৰি আহোম, ভূঞাঁৰাজ তথা কোঁচ ৰাজত্ব কালৰ বহু ইতিহাস লুকাই আছে বজালীৰ বুকুত ।

এনে ইতিহাস লিপিবদ্ধ কৰি ১৯৪৭ত অসম সাহিত্য সভাই প্ৰকাশ কৰিছিল বজালী দৰ্পন । কিন্তু নতুন প্ৰজন্মৰ জ্ঞানৰ বাবে এতিয়া বজালী দৰ্পনৰ পুনৰ মুদ্ৰণৰ দাবী উত্থাপন হৈছে আৰু সঁচাকৈ অতি প্ৰয়োজন বজালী দৰ্পন পুনৰ মুদ্ৰণ হোৱাটো । কে’বাগৰাকী প্ৰয়াত বিশেষ ব্যক্তিৰ কলমেও সম্বৃদ্ধ কৰি গৈছে বজালীক । বিশেষকৈ এতিয়া ডিজিটেল যুগ । সকলো ব্যস্ত মোবাইলৰ লগত । বহুতৰে আগ্ৰহ কমিছে কিতাপৰ প্ৰতি ।

কিন্তু কিতাপ সঁচাকৈয়ে অনন্য আৰু অতি প্ৰয়োজন তাৰ গুৰুত্ব বুজি পোৱা যায় ইতিহাস অধ্যয়নৰ জৰিয়তে ।  ইতিমধ্যে চৰকাৰী ঘোষণা অনুসৰি বজালী আজি জিলা হোৱাৰ পথত । সেয়ে ক্ৰমাৎ গুৰুত্ব বাঢ়িছে বজালীৰ । বজালীৰ ইতিহাস সঁচাকৈয়ে মনোৰম । ভ্ৰাম্যমান থিয়েটাৰ জন্ম দিয়াৰ গৌৰৱৰ উপৰি আহোম, ভূঞাৰাজ, কোঁচ শাসনকালৰ বহু ঐতিহাসিক সমলেৰে সমৃদ্ধ নামনিৰ বজালী ।

১৯৪৭ত অসম সাহিত্য সভাৰ ত্ৰিপঞ্চাশতম অধিবেশনত প্ৰকাশ পোৱা বজালী দৰ্পনত সবিস্তাৰে পোৱা যায় বজালীৰ বৰ্ণিল ইতিহাস । আনকি বজালীৰ কেইগৰাকীমান প্ৰয়াত সাহিত্যিক মুনিন্দ্ৰ নাথ শৰ্মা, ছেৰিফউদ্দিন আহমদ, জিতেন শৰ্মা আৰু জীবন কৃষ্ণ পাত্ৰ আদিৰ কলমত ইতিমধ্যে গৌৰৱময় ঐতিহাসিক ঘটনাৰে সম্বৃদ্ধশালী হৈ পৰিছে বজালী । কিন্তু বজালীৰ এনে মনোৰম ইতিহাস নাজানে বজালীৰ নতুন প্ৰজন্মই ।

নতুন প্ৰজন্মৰ দুই এজন লিখক বা অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন মাধ্যমত বজালীৰ ঐতিহাসিক পটভূমিক লৈ কলম চলালেও বজালী দৰ্পন অথবা উল্লেখিত সাহিত্যিক সকলৰ গ্ৰন্থ অনুসৰণ কৰিবলৈ বাধ্য । তেনে ক্ষেত্ৰত বজালীৰ বাবে আজি অতি প্ৰয়োজন বজালী দৰ্পনৰ পুনৰ মুদ্ৰণ । পাঠশালা সাহিত্য সভাইও তাকেই বিচাৰিছে ।

এনে প্ৰয়োজনীয়তা অনুভৱ কৰি পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই বজালী দৰ্পনৰ বজালীক লৈ গুৰুত্বৰ কথা আলোকপাত কৰি গ্ৰন্থ খনৰ পুনৰ মুদ্ৰণৰ দাবী লগতে প্ৰয়োজনীয়তা অনুভৱ কৰি মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমত ।

উল্লেখযোগ্য যে বজালীৰ আহোম দিনীয়া দেৱালয়, সত্ৰ, মঠ মন্দিৰ, ইংৰাজৰ শাসন কাল, স্বাধীনতা আন্দোলনকে আন্দোলনকে আদি কৰি বহু পুৰণি ইতিহাসৰ সমল বজালী দৰ্পন পুনৰ মুদ্ৰণ হ’লে বজালীয়ে নতুন ৰূপত প্ৰাণ পাই উঠাৰ লগতে প্ৰয়াত সাহিত্যিক কেইজনে মৰোণোত্তৰভাৱে পাব প্ৰাপ্তি ।

Exit mobile version