ধেমাজি জিলাত ব্যাপক হাৰত কৰ’না ভাইৰাছ সংক্ৰমিত হৈছে । এই পর্যন্ত জিলাখনত ২,৮৯৭ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰে ২,০১৫ জন লোক ক’ভিড-১৯ ত সুস্থ হৈ উঠাত তেওঁলোকক নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হৈছে । বৰ্তমানেও জিলাখনত ক’ভিড-১৯ হস্পিতাল সমূহত ৮৬৮ জন ৰোগী চিকিৎসাধীন হৈ আছে ।
ইয়াৰ ভিতৰত কেইজনমান ৰোগীৰ স্বাস্থ্য সংকটজনক হোৱাত তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । জিলাখনত বৰ্তমানলৈকে ক’ভিড-১৯ আক্ৰান্ত হৈ ১৪ জন লোকৰ মৃত্যু হৈছে । জিলা স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে বৰ্তমানলৈকে জিলাখনত ৪৯,৩৫৩ জন লোকৰ কৰ’না পৰীক্ষা সম্পন্ন হৈছে ।
আজিৰ দিনটোতে জিলাখনত ৬৪ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰে । সেয়ে জিলা প্ৰশাসনে সকলো লোককে মাস্ক পৰিধান কৰা লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহবান জনাইছে।