‘ন’ ডেষ্টিনেছন ফ্লাইট’, এই নামৰেই এতিয়া বিধ্বস্ত অৰ্থনীতিক পূৰ্বৰ অৱস্থালৈ উভতাই অনাৰ প্ৰয়াস চলাইছে ছিংগাপুৰে । দেশখনৰ চাংগি বিমান বন্দৰৰ পৰা উৰা মাৰিব এনে লক্ষ্যহীন যাত্ৰাৰ বাবে যোৱা বিমানে । প্ৰকৃততে কৰ’নাৰ আঘাতত বিশ্বৰ অন্যান্য দেশৰ দৰে ছিংগাপুৰৰ বিমান পৰিবহন ব্যৱস্থাও বিধ্বস্ত হৈ পৰিছে ।
ফলত লক্ষ্যহীন যাত্ৰাৰ মাধ্যমত পুনৰ থিয় হ’ব বিচাৰিছে ছিংগাপুৰ এয়াৰ লাইনন্সে । অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে এই বিশেষ বিলাসী যাত্ৰা নিয়মীয়াভাৱে আগবঢ়াই নিবলৈ চিন্তা-চৰ্চা কৰা হৈছে । এনে যাত্ৰাৰ বাবে তিনি ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে । দেশখনত এনে যাত্ৰাক লৈ এক সমীক্ষাও চলোৱা হয় ।
৩০৮ জনৰ মাজত সম্পন্ন এই সমীক্ষাত ৭৫ শতাংশই ন’ ডেষ্টিনেছন ফ্লাইটৰ যাত্ৰী হ’বলৈ ইচ্ছা প্ৰকাশ কৰে । এই ৭৫ শতাংশৰ ভিতৰত ৪৫ শতাংশই জনোৱা অনুসৰি তেওঁলোকে ২৮৮ডলাৰ ব্যয় কৰি ‘ইক’নমি ক্লাছ’ত যাত্ৰা কৰিব বিচাৰে । ৪০ শতাংশই আকৌ ৫৮৮ ডলাৰ ব্যয় কৰি ‘বিজনেছ ক্লাছ’ত বিলাসী ভ্ৰমণ কৰিব বিচাৰে ।
দেশখনৰ বিমান পৰিচালনা সংস্থা ‘এয়াৰ চাৰ্টাৰ ছিংগাপুৰ’ৰ সঞ্চালক ষ্টিফেন উডে কয় যে এনে যাত্ৰাৰ বাবে এ-৩৫০ এয়াৰ বাছ পৰিচালনাৰ বাবে ছিংগাপুৰ এয়াৰ লাইনৰ স’তে আলোচনা কৰা হৈছিল । কিন্তু ছিংগাপুৰ এয়াৰলাইনন্সে নিজস্বভাৱে এই যাত্ৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে ।
যাত্ৰী সকলক ‘টুৰিজিম ক্রেড়ি’ হিচাপে দিবলগীয়া ৰাজসাহায্যৰ বোজা বহন কৰিবলৈ ছিংগাপুৰ চৰকাৰ মান্তি হৈছে । লক্ষ্যহীন যাত্ৰা সফল হ’লে বিশ্বৰ অন্যান্য দেশতো এনে সেৱা আৰম্ভ কৰাৰ কথা ভাবিছে এয়াৰ লাইন্স প্ৰতিষ্ঠানবিলাকে । ছিংগাপুৰ এয়াৰলাইনন্সে বিভিন্ন সামাজিক দায়বদ্ধতামূলক আঁচনিৰ অধীনতো ব্যয় কৰি আহিছে ।
২০১৫ বর্ষত বিশেষভাৱে সক্ষম শিশু তথা পৰিয়ালৰ পৰা বিচ্ছিন্ন প্ৰবীণ লোকসকলৰ বাবে বিনামূলীয়াকৈ বিমান যাত্ৰাৰ ব্যৱস্থা কৰিছিল । ছাংগি বিমানকোঠ দক্ষিণ -পূব এছিয়াৰ অন্যতম জনপ্রিয় ‘হলিডে ডেষ্টিনেছন’ ।শতাধিক দেশৰ ৩০৮ টা বিমানকোঠৰ লগত যুক্ত হৈ ছাংগি বিমানকোঠটোত পৰ্যটকৰ বাবে মনোৰঞ্জনৰো বিশেষ ব্যৱস্থা আছে ।
বিমানকোঠৰ ছাদত আছে বিশাল ছুইমিং পুল । লগতে আছে স্পা, ফুট মাছাজকে ধৰি আনুসংগিক সা-সুবিধা । ‘ফ্লাইট’ বিলম্ব হ’লে তেনে যাত্ৰীসকলৰ বাবে ছবিৰ বিশেষ দর্শনৰো ব্যৱস্থা আছে । ছিংগাপুৰ এয়াৰলাইন্সৰ এই লক্ষ্যহীন যাত্ৰাই জনপ্রিয়তা লাভ কৰিব বুলি আশা কৰা হৈছে ।