বিটিচিৰ পৰিষদীয় নিৰ্ব্বাচন কেতিয়া অনুষ্ঠিত হ’ব সেই লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ । যোৱা এপ্ৰিল মাহৰ চাৰি তাৰিখে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড-১৯ ৰোগৰ ভয়াবহতাৰ বাবে তৎকালীন ভাৱে নিৰ্বাচন আয়োগে অনিৰ্দিষ্টকালৰ বাবে পিচুৱাই দিবলগীয়া হৈছিল বিটিচি পৰিষদীয় নিৰ্বাচন ।
উল্লেখ্য যে তাৰপিছৰে পৰা বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ হৈছিল আৰু পৃথিৱীৰ দীৰ্ঘতম সময়ৰ বাবে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ প্ৰায় ছমাহৰ পৰা বিটিচিত স্তব্দ হৈ পৰিছে উন্নয়নমূলক কাম-কাজ। কৰ’না মহামাৰীৰ ভয়াবহতাকো আওকান কৰি সকলো ৰাজনৈতিক দলেই নিজৰ নিজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ।
অহা ২৭ অক্টোবৰ বিটিচিত ৰাজ্যপালৰ শাসনৰ ৬ মাহ হ’ব । গতিকে ৰাজ্যপালৰ শাসনৰ পূৰ্বেই বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন পক্ষই নিৰ্বাচন আয়োগৰ ওচৰ চাপিছে । আজি চিৰাং জিলাৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ভৈয়াম জনজাতীয় উন্নয়ন আৰু পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অহা অক্টোবৰ মাহৰ ১৫/২০ তাৰিখৰ ভিতৰতে অনুষ্ঠিত হ’ব।
মন্ত্ৰীজনে লগতে কয় যে ক’ভিডৰ এই সময়ত নিৰ্বাচন আয়োগে নিৰ্বাচন পিছুৱাই দিছিল যদিও শেহতীয়া গাইড লাইন অনুসৰি পিছুৱাই দিয়া নিৰ্বাচন সমূহ এটা এটাকৈ পাতিবলৈ লৈছে । বুধবাৰে অসম চৰকাৰৰ প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ স’তে হোৱা আলোচনাত জনায় যে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচন সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ হৈ উঠিব আৰু অহা ১৫/২০ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ’ব ।
তেওঁ লগতে কয় যে আমি জানিব পাৰিছিলো যে অহা ৰাজস্থানত গ্ৰাম্য সভাৰ নিৰ্বাচন অহা ২০ ছেপ্টেম্বৰ অনুষ্ঠিত হ’ব, যোৱা আগষ্টত মিজোৰামত ভিলেজ কাউন্সিলৰ নিৰ্বাচন হৈ গল । গতিকে এতিয়া আমাৰ বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত থকা অনিশ্চয়তা আঁতৰ হোৱা বুলিও জনায় মন্ত্ৰী চন্দন ব্ৰহ্মই।