চিৰাঙৰ ঢালিগাঁৱৰ পশ্চিম বিলাসপুৰৰ পৰা চোৰাং কাঠ ভৰ্তি যাত্ৰী কঢ়িওৱা গাড়ী জব্দ আৰক্ষীৰ

5cd03319 174d 45ff 95cf f43c0db2b7d2

বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ হৈ থকাৰ সময়ত তথা ৰাজ্যপালৰ কঠোৰ নিৰ্দেশনাৰ পাছত চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষী যিমানেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে তাৰ বিপৰীতে বনবিভাগ তথা আৰক্ষীৰ চকুত ধুলি দি নতুন নতুন পদ্ধতি অৱলম্বন কৰি চোৰাং কাঠৰ সৰবৰাহ কৰা কাৰ্য পোহৰলৈ আহিছে। শুক্ৰবাৰে নিশা চিৰাং আৰক্ষীৰ অভিযানত যাত্ৰী কঢ়িওৱা গাড়ীৰে চোৰাং কাঠ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে ।

এই সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে শুক্ৰবাৰে নিশা গোপন তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীয়ে অভিযান চলাই জিলা সদৰ কাজলগাঁৱৰ নিকটৱৰ্তি চোৰাং কাঠৰ ঘাটি হিচাপে পৰিচিত পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি পঞ্জীয়ন নং বিহীন বগা ৰঙৰ যাত্ৰীবাহী টাটা উইংগাৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে বাহনখন জব্দ কৰিলেও বাহন খনৰ চালক জনে নিশাৰ সুযোগত গাড়ী এৰি পলাই যাবলৈ সক্ষম হয় । বৰ্তমান চোৰাং কাঠ ভৰ্তি গাড়ীখন গাঢিগাঁও থানাত ৰাখিছে যদিও পৰৱৰ্তী সময়ত বন বিভাগক গতাই দিব আৰক্ষীয়ে ।

Exit mobile version