মহাৰাষ্ট্ৰ চৰকাৰ আৰু বলীউডৰ লগত হোৱা বিতৰ্কই প্ৰভাৱ পেলাব নেকি কংগনাৰ কেৰিয়াৰত ?

1280746

মায়ানগৰী মুম্বাইক “পাকিস্তান”বুলি কৈ বলীউডৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰৰ ৰোষত পৰা কংগনা ৰণৌট একেৰাহে বিতৰ্কত সোমাই পৰিছে ৷কংগনাক যেন বিতৰ্কই লগেই নেৰিব। কংগনা সম্প্ৰতি আছে “মানালী”ত ৷কাৰণ মানালী হৈছে কংগনাৰ জন্মভূমি।

কিন্তু জন্মভূমি মানালী হ’লেও উভতি পুনৰ মুম্বাইলৈকে আহিব লাগিব কংগনা ৷ কাৰণ মুম্বাই কংগনাৰ কৰ্মভূমি ।কংগনাৰ ছবি “তেজছ,ধাকড়,থলাইবী আৰু ইমলী মুক্তিৰ অপেক্ষাত আছে ৷ছবি সমীক্ষক অতুল মোহনৰ মত অনুসৰি কংগনাৰ সকলো ছবি মেকিং,মাৰ্কেটিং আদি সকলো মিলাই ৬০-৭০ কোটি টকালৈ বৃদ্ধি পায় ।

ইফালে শিৱসেনাৰ লগত বিবাদ হোৱাৰ পাছত মহাৰাষ্ট্ৰত কংগনাৰ ছবিসমূহৰ বিৰোধ হ’ব পাৰে ৷কিন্তু বলীউডত ইয়াৰ প্ৰভাৱ নপৰে ।অতুল মোহনৰ মতে “কংগনাই পূৰ্বৰে পৰা জানিছিল যে বৃহৎ প্ৰডাকচন হাউচে তেওঁক কাম নিদিয়ে। সেয়েহে কংগনাই নিজৰ প্ৰডাকচন হাউচৰ কাম আৰম্ভ কৰিলে ৷লগতে কোনো ধৰণৰ ডাঙৰ ছবি নিৰ্মাতাৰ সহায় নোলোৱাকৈ কংগনাই অকলেই ছবি নিৰ্মাণ কৰিব বিচাৰে ৷কাৰণ কংগনা কাৰো ওপৰত নিৰ্ভৰ কৰি আগুৱাই যাব নিবিচাৰে ৷”

ইপিনে স্থাৱৰ আৰু অস্থাৱৰ সম্প্ৰতিৰ ভিতৰত কংগনা সম্পত্তিৰ পৰিমাণ হ’ব ৯৬ কোটিতকৈ অধিক ।এই সম্পত্তিৰ ভিতৰত আছে কংগনাৰ তিনিটা ঘৰ অন্তৰ্ভুক্ত হৈ আছে ৷

বলীউডৰ সকলোতকৈ বেছি পাৰিশ্ৰমিক লোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হৈছে কংগনা ৰণৌট ৷ছবি সমীক্ষক অতুল মোহনৰ মতে,কংগনাই এখন ছবিৰ বিনিময়ত পাৰিশ্ৰমিক লয় ১৭-১৮ কোটি টকা ।আহিবলগীয়া ছবি “ধাকড়”ৰ কাৰণে কংগনাই লৈছে ২১ কোটি টকা। জয়াললিতাৰ বায়’পিক থলাইবী”কাৰণে কংগনাই লৈছে ২১-২২ কোটি টকা ।কংগনাৰ পিছতে দীপিকা পাডুকনে পাৰিশ্ৰমিক হিছাপে লয় ১১-১২ কোটি টকা।

২০১৩ত কংগনাই আৰ্কিড ব্ৰীজ নামৰ মুম্বাইৰ খাৰত তিনি ফ্লেট ক্ৰয় কৰিছিল ৷ফ্লেট নম্বৰ ৫০১,৫০২ আৰু ৫০৩ ৷ এই ফ্লেটকেইটা কংগনাই ক্ৰমে ৫.৫০ কোটি,৫.২৫ কোটি আৰু ৩.৩৫ কোটি টকাৰে মুঠ মূল্য হ’ব ১৪ কোটি টকা ।ইয়াৰ পিছত ২০১৭ ত কংগনাই পালীহিলত তিনি মহলীয়া এটা বাসগৃহ ক্ৰয় কৰে।

ইয়াৰ কাৰণে কংগনাৰ দিছিল ২০ কোটি টকা ।এই ঘৰটো কংগনাই কাৰ্যালয় আৰু ষ্টুডিয়লৈ পৰিৱৰ্তন কৰে ৷এই ঘৰটোৰ নাম ৰাখে মণিকৰ্ণিকা ৷এই ঘৰটোক ক্ৰয় কৰাৰ পৰা নিৰ্মাণ কৰালৈকে ৪৮ কোটি টকা ব্যয় কৰে কংগনাই। আনহাতে কংগনাৰ মানালীস্থিত বাসগৃহটোৰ মূল্য হয় গৈ ৩০ কোটি ৷কাৰণ বাসগৃহটো ১০ কোটিত ক্ৰয় কৰিছিল যদিও কংগনাই পুনৰ নিৰ্মাণ কৰাত ২০ কোটি ব্যয় কৰে ৷

উল্লেখযোগ্য যে কংগনাই ২১ বছৰতে ক্ৰয় কৰে BMW ৭ ৷২০০৮ ত ক্ৰয় কৰা এই বাহনখনৰ মূল্য আজিৰ তাৰিখত হ’ব ১.৩৫ কোটিৰ পৰা ২.৪৪ কোটি টকা। ইয়াৰ পাছত ২০১৯ ত জাজমেন্টেল হ্যে ক্যিয়া”মুক্তিৰ পাছত ক্ৰয় কৰি মাৰ্চিডিছ ৷

ইপিনে কংগনা ৰনৌট বলীউডৰ লগত বিভিন্ন বিতৰ্কত সূত্ৰপাত হ’লেও বিশেষ একো ক্ষতিৰ সন্মুখীন নহয় বুলি মন্তব্য কৰিছে ছবি সমালোচকসকলে ৷

Exit mobile version