ৰাজ্যত দলিলৰ কৃত্ৰিম নাটনি

142197 assam government

অসমত দলিলৰ নামত বিত্ত বিভাগত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি ৷বিভাগটোৰ কৰ্তৃত্বত থকা দলিলক লৈ কোষাগাৰসমূহত চলিছে বৃহৎ কেলেংকাৰি ।লক্ষ্যণীয়ভাৱে বেছিভাগ কোষাগাৰলৈ প্ৰেৰণ কৰা দলিলৰ সংখ্যা চাহিদা অনুপাতে কম ৷তাৰে সুযোগ লৈ কোষাগাৰসমূহত অতিৰিক্ত মূল্যত অনুজ্ঞাপত্ৰ থকা খুচুৰা বিক্ৰেতাক দলিল যোগান ধৰা হয় ।

ফলত খুচুৰা বিক্ৰেতাসকলৰ পৰা গ্ৰাহকেও অধিক মূল্য ভৰিহে দলিল ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৷ফলত ৰাজ্যৰ বিভিন্ন স্থানত সম্প্ৰতি অভাৱনীয়ভাৱে অধিক দৰত বিক্ৰী হৈছে প্ৰতিখন দলিল ।সম্পূৰ্ণ বেআইনী এই কাৰ্য মুকলিমূৰীয়াকৈ চলি আহিছে আদালত আৰু পঞ্জীয়ন কাৰ্যালয় চৌহদত ৷

বিশেষকৈ পশ্চিম অসমত দলিলৰ ক’লা বজাৰে ভয়াৱহ ৰূপ লৈছে ৷ক’লা বজাৰত এখন জিলাৰ কোষাগাৰৰ দলিল আন এখন জিলাত বিক্ৰী হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে তেনে ব্যৱসায়ীৰ বৃহৎ চক্ৰ৷কোষাগাৰৰ পৰা খুচুৰা ব্যৱসায়ীলৈ বিয়পি থকা এই চক্ৰৰ বাবেই ১০ টকাৰ এখন দলিল অঞ্চলভেদে ৩০ৰ পৰা ৪০ টকা,২০ টকাৰ দলিল ৪০ৰ পৰা ৫০ টকা,এশ টকাৰ দলিল আঠশ টকা পৰ্যন্ত দৰত বিক্ৰী হৈছে ৷

এই প্ৰসংগতে ৰাজ্যৰ বিত্ত বিভাগে জনায় যে একাংশ কোষাগাৰত কে’বামাহৰ পৰা দলিলৰ নাটনি চলি থকাটো সঁচা। বিভাগীয় উচ্চস্তৰীয় সূত্ৰটোৱে উল্লেখ কৰে যে বিশেষকৈ পশ্চিম অসমত দলিলৰ নাটনি অব্যাহত আছে ৷

বিশেষভাৱে যোৱা মাৰ্চৰ পৰা এই নাটনি আৰম্ভ হয় ৷প্ৰসংগক্ৰমে সূত্ৰটোৱে উল্লেখ কৰে যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ তুলনাত পশ্চিম অসমৰ জিলাকেইখনত দলিলৰ চাহিদা যথেষ্ট বেছি ।ইয়াৰ পৰিপ্ৰেক্ষিতত যোগান ব্যৱস্থা নিয়ন্ত্ৰণ আৰু নিৰীক্ষণত ৰখাৰ সুবিধা হোৱাকৈ বঙাইগাঁৱৰ প্ৰাধিকাৰীক ন’ডেল প্ৰাধিকাৰি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

উল্লেখযোগ্য যে দলিলৰ বাবে কোষাগাৰসমূহৰ পৰা ৰেজিষ্টাৰ অব ষ্টাম্পলৈ আবেদন জনাব লাগে ৷সেইমতে ৰেজিষ্টাৰ অব ষ্টাম্পে দলিল যোগান ধৰিব লাগে ৷গতিকে ৰেজিষ্টাৰ অৱ ষ্টাম্পে যোগান ধৰাৰ ওপৰতে কোষাগাৰসমূহত দলিলৰ জমা নিৰ্ভৰ কৰে ৷

বিত্ত বিভাগৰ অধীনস্থ এই আটাইকেইটা শাখাতেই দলিলক লৈ অব্যাহত আছে অসাধু লেনদেন ।উত্থাপিত অভিযোগ অনুসৰি কোষাগাৰাত কেলেংকাৰিত জড়িত চক্ৰই চাহিদাতকৈ কম পৰিমাণৰ দলিল বিচাৰি ৰেজিষ্টাৰ অৱ ষ্টাম্পক আবেদন জনায়। ফলত প্ৰয়োজন অনুপাতে যোগান কম হয় ।ইয়াৰ পাছত কোষাগাৰতে অনুমোদিত বিক্ৰেতাক আনুষ্ঠানিকভাৱে অধিক মূল্যত দলিল যোগান ধৰা হয়।

বিক্ৰেতায়ো সুযোগ লৈ গ্ৰাহকক অধিক মূল্যত প্ৰতিখন দলিল বিক্ৰী কৰি আহিছে ৷ক’লা ব্যৱসায়ীৰ দলে ইখন জিলাৰ দলিলো সিখন জিলালৈ সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে আৰু এই সকলোবোৰ কাণ্ড চলি আহিছে নিৰ্দিষ্ট কৰ্তৃপক্ষৰ নাকৰ আগত।

Exit mobile version