ক’ভিড-১৯ৰ আতংকৰ মাজতে ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা

WhatsApp Image 2020 09 20 at 6.21.52 PM

ৰাজ্যজুৰি ক’ভিড-১৯ আতংকৰ মাজতে বিটিচিত চলি আছে ইখনৰ পিছত সিখন বৃহৎ নিৰ্বাচনী সভা‌ । ইয়াৰ মাজতে আজি ওদালগুৰিত বিজেপিয়েও নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় । ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ কে’বাটাও প্ৰান্তত বিজেপি দলটোৱে সভা অনুষ্ঠিত কৰে।

৩৮ নং ভৈৰৱকুণ্ড সমষ্টি, ভৈৰৱকুণ্ড মণ্ডল আৰু ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰঙ্গণত দলটোৱে বিশাল সাংগঠনিক ও ক’ভিড-১৯ সজাগতা সভা অনুষ্ঠিত কৰে। বিয়লি প্ৰায় ৩-৩০ বজাত অনুষ্ঠিত এই সভাত ভাষণ প্ৰদান কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

তেওঁ কয় বিটিচিত এতিয়া ৰাইজ হিল দ’ল ভাঙি বিজেপিৰ সমৰ্থনত ওলাই আহিছে। আগন্তুক নিৰ্বাচনত বিজেপি দলে বিটিচি দখল কৰি ইয়াত চলি থকা অপশাসন-দুৰ্নীতি নাইকীয়া কৰিব। আমি এনে এখন বিটিচিৰ সপোন দেখিছো, য’ত কেৱল পৰিষদৰ কাৰ্যবাহী সদস্যৰ পৰিয়ালেই চাকৰি নাপায়, সকলো লোকে চাকৰিৰ অধিকাৰ পাব লাগিব ।

ইফালে আন এক প্ৰসংগ উত্থাপন কৰি বিজেপি নেতাগৰাকীয়ে কয় যে অসমত থকা বাংলাদেশী মূলৰ মানুহখিনিয়ে কেৱল মাত্ৰ কংগ্ৰেছ বা এআইইউডিএফকহে ভোট দি জয়ী কৰি আহিছে । যাৰ বাবে আমি ভাবি চাবলৈ সময় হ’ল ।

ইফালে বিটিচিত নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকা হেতুকে বন্ধ হৈ থকা অৰুণোদয় আঁচনিক লৈও মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰাজ্য চৰকাৰৰ কেতবোৰ আঁচনিৰ খতিয়ানো ভাষণত দাঙি ধৰে ।

ইফালে ক’ভিড-১৯ৰ মাজত এনেদৰে বিশাল সভা অনুষ্ঠিত কৰাক লৈ সাংবাদিকে সোধা প্ৰশ্নত হাজৰিকাই কয় যে, যিহেতে বিপিএফ-ইউপিপিএল-কংগ্ৰেছ সকলোৱে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, সেয়েহে বিজেপি দলেও এনেদৰে সভা কৰিবলৈ বাধ্য হৈছো ।

উল্লেখ্য যে এই বিশাল জনসভাত ক’ভিড-১৯ প্ৰট’কল ভঙ্গ হোৱা পৰিলক্ষিত হয়। কোনো ধৰণৰ সামাজিক ব্যৱধান নোহোৱাকৈ বহু স‌খ্যক লোকে মাস্কবিহীনভাৱে সভাত অংশ লোৱা দৃশ্যও দেখা যায় ।

আজিৰ এই সভাত জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, সম্পাদকদ্বয় ক্ৰমে অজয় কুমাৰ হাজৰিকা, বিৰদাও বসুমতাৰীসহ ওদালগুৰি জিলাৰ কে’বাটাও পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকল উপস্থিত থাকে।

Exit mobile version