বকোৰ নধিয়াপাৰাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

WhatsApp Image 2020 09 20 at 6.22.03 PM

বকোৰ নধিয়াপাৰাত ৰে’ল পথ অতিক্ৰম কৰিবলৈ যাওঁতে সংঘটিত হয় ভয়ংকৰ ঘটনা । দুৰ্ঘটনাটোত বঙাইগাঁও অভিমুখী WDG4 12369নম্বৰৰ মালবাহী ৰে’লখনে AS01 DF 8398 নম্বৰৰ মাৰুতি ৱেগানাখনক তীব্ৰ খুন্দা মাৰে । ভয়াৱহ‌ দুৰ্ঘটনাটোত ছয়গাঁও গৰৈমাৰী হাতীশোলাপামৰ পৰিয়ালৰ তিনি জনকৈ লোক নিহত হয় আৰু আহত হয় এগৰাকী ।

নিহত কেইজন ক্ৰমে ছয়গাঁও হাতীশোলাৰ ডঃ আব্দুল জলিল, জলিলৰ পত্নী ছানিয়া বেগম আৰু তেওঁলোকৰ কন্যা আফ্ৰিন‌ চুলতান । আনহাতে, আনগৰাকী কন্যা জান্নাত চুলতান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে আৰু বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে ।‌

ডঃ আব্দুল জলিল গৰৈমাৰীৰ এফ এম কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক । ছয়গাঁওত চিকিৎসকৰ ওচৰৰ পৰা গৃহাভিমুখে যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ।

আনহাতে, কামাখ্যা যোগীঘোপা পথৰ নধিয়াপাৰাত থকা সুৰংগ পথত পানী হোৱাৰ বাবে বিপদ সংকুলভাৱে উন্মুক্ত ৰেল পথৰ ওপৰেদি যান বাহন চলাচল অব্যাহত থাকে । উক্ত ঘটনাৰ পাছতে স্থানীয় লোকে ৰেল বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ঘটনাস্থলীত‌ প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version