সমগ্ৰ নিশা সংসদৰ সন্মুখত নিলম্বিত সাংসদৰ প্ৰতিবাদ:পুৱা চাহ লৈ উপস্থিত হ’ল ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ

5akt9qq8 sanjay singh tweet8 protesting mp with dy chairmansept

কৃষি বিধেয়কক লৈ ৰাজ্যসভাৰ পৰা নিলম্বিত ৮ জন বিধায়কে সোমাবাৰে সমগ্ৰ নিশা সংসদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷আজি পুৱা প্ৰায় ১১ বজাত তেওঁলোকে প্ৰতিবাদৰ অন্ত পেলাই। এই সন্দৰ্ভত বহু ৰাজনৈতিক নেতাৰ মন্তব্য যে ইতিহাস এয়া প্ৰথমবাৰৰ কাৰণে সাংসদে সমগ্ৰ নিশা প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

ইপিনে আজি প্ৰতিবাদ সাব্যস্ত কৰা ৮ জন সাংসদলৈ উপসভাপতি হৰিবংশে পুৱা চাহ লৈ যায় যদিও সাংসদসকলে তেওঁৰ পৰা চাহ সেৱনৰ পৰা বিৰত থাকে। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে কয়”হৰিবংশ দেৱে সেই লোকসকলৰ কাৰণে চাহ লৈ গৈছে,যিসকলে আজি কিছুদন পূৰ্বে তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল। ইয়াৰ পৰাই জানিব পাৰি হৰিবংশ দেৱৰ বিশাল হৃদয় আৰু তেওঁৰ মহানতা কিমান ৷মই দেশৰ জনতাৰ লগতে তেওঁক শুভেচ্ছা জনাইছো ৷”

আন এটা টুইটত মোদীয়ে কৈছে”পূৰ্বৰে পৰা বিহাৰৰ বিশালতাই আমাক গণতন্ত্ৰৰ শিক্ষা দি আহিছে ৷ এই মহান পৰম্পৰাক আগুৱাই নিছে বিহাৰৰ সাংসদ আৰু ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ দেৱে৷আজি পুৱাতে হৰিবংশ নাৰায়ণৰ মহান কৰ্মই গণতন্ত্ৰক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিক গৰ্বিত কৰিব ৷”

উল্লেখযোগ্য যে দেওবাৰে কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক সোমবাৰে নিলম্বন কৰা হয়।যিসকল সাংসদক নিলম্বন কৰা হ’ল তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন,সঞ্জয় সিং,ডোলা সেন,ৰাজীৱ চাটব,ৰিপুন বৰা আদি ।

ভেংকয়া নাইডুয়ে TMCৰ সাংসদ ডেৰেক অ’ ব্ৰায়নক সংসদৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিয়ে কয় “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো ৷উপসভাপতিৰ মতে অশ্লীল শব্দও কয় নিলম্বিত সাংসদসকলে ৷নাইডুয়ে লগতে কয় যে সংসদৰ মাইকক ভঙাটো নিন্দাজনক ঘটনা ৷ইয়াৰ পাছতেই সোমবাৰে সমগ্ৰ নিশা নিলম্বিত সাংসদ সকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয়।

Exit mobile version