৬ অক্টোবৰলৈকে কাৰাগাৰত থাকিব লাগিব ৰিয়া চক্ৰৱৰ্তী

rhea chakraborty can face up to 10 years in prison if found guilty

বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা তথা মাদকদ্ৰব্যৰ সৰবৰাহৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰা ৰিয়া চক্ৰৱৰ্তী ৬ অক্টোবৰ পৰ্যন্ত কাৰাগাৰাত থাকিব লাগিব  ৷

ADVERTISEMENT

আজি অভিনেত্ৰী গৰাকীৰ ন্যায়িক জিম্মা শেষ হোৱাত এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশেষ আদালতৰ লগত কথা বতৰা হয় । ইয়াৰ পূৰ্বে ৰিয়াই উচ্চ ন্যায়ালয়ত জামিনৰ কাৰণে আবেদন কৰিছিল । এই সন্দৰ্ভত শুনানি হ’ব বুধবাৰে । বিশেষ আদালতে ৰিয়াৰ জামিন আবেদন দুবাৰ নাকচ কৰিছে  ৷

ইপিনে ৰিয়াৰ লগতে তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীয়েও উচ্চ ন্যায়ালয়ত জামিনৰ কাৰণে আবেদন কৰিছিল । NCBয়ে ৰিয়াক সুশান্তক মাদকদ্ৰব্য যোগানৰ অভিযোগত ২ দিন সোধপোছৰ অন্তত ৮ ছেপ্টেম্বৰত ৰিয়াক গ্ৰেপ্তাৰ কৰে ৷ বিশেষ ন্যায়ালয়ে সেইদিনাই অভিনেত্ৰী গৰাকীক ২২ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ।

অন্যহাতে মাদক দ্ৰব্য সৰবৰাহত সংযোজন হৈছে দীপিকা পাডুকন আৰু তেওঁৰ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ নাম  ৷ দুয়োৰে মাজত ইতিমধ্যে whatsapp বাৰ্তাৰ আদান-প্ৰদান প্ৰকাশ পাইছে ।

এক বিশেষ সূত্ৰৰ মতে দীপিকা পাডুকনত এই সপ্তাহতে NCBয়ে সোধ-পোচ কৰিব পাৰে । ইফালে আজি NCBয়ে আজি ৰিয়াৰ মেনেজাৰ জয়া সাহাক সোধ পোচ কৰিছে । দীপিকাৰ মেনেজাৰ কৰিশ্মা আৰু ৰিয়াৰ মেনেজাৰ জয়া সাহা একেটা মেনেজমেণ্ট কোম্পানীতে কৰ্মৰত ।

আনহাতে NCBয়ে ৰিয়াক কৰা সোধ-পোচৰ সময়ত বলিউডৰ বহু সুন্দৰীৰ নাম প্ৰকাশ পাইছে ৷ ইয়াৰ ভিতৰত ছাৰা আলি খান, শ্ৰদ্ধা কাপুৰ, ৰকুল প্ৰীত সিং আদি উল্লেখযোগ্য । ইতিমধ্যে NCBয়ে মাদকদ্ৰব্য সৰবৰাহ আৰু সেৱনৰ ক্ষেত্ৰত ২০ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

Exit mobile version