চিৰাঙৰ বিজনীত আছুৰ মুখ‍্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ

3ac6f3b5 f6f5 48b4 b82b 04f0aa0cbb27

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ অধীনত হৈ যোৱা অসম আৰক্ষীৰ এচ,আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত যি পৰীক্ষা আধাতে বন্ধ কৰি দিলে তাৰ প্ৰতিবাদত আৰু যিসকল দোষীক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক উচিত শাস্তি বিহাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ।

প্ৰতিবাদত অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, বিজেপি চৰকাৰ গো বেক, আছু লংলিভ, আদি শ্লোগানেৰে বিজনী ৰাজপথ উত্তাল কৰি তোলে।

চিৰাঙত আছুয়ে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি ধাৰাবাহিক ভাৱে চলাই গৈছে আন্দোলন ।শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ দুৰ্নীতিৰ তথ‍্য ফাদিল হোৱাত এই দৰেই ক্ষোভ উজাৰে আছুয়ে।

Exit mobile version