নমুনা পৰীক্ষা-স্বাস্থ্যবিধি মানি চলাৰ আহ্বানেৰে জনজাগৰণ অভিযান

Screenshot 137

অসমতো উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে কৰ’নাৰ সংক্ৰমণে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজত সজাগতা তথা সতৰ্কতা বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৰাজ্যজুৰি আৰম্ভ কৰিছে জন জাগৰণ কাৰ্যসূচী ৷ এই উপলক্ষে প্ৰথম দিনৰ কাৰ্যসূচীত সকলো জিলা মহকুমা আৰু খণ্ড পৰ্যায়ত শোভাযাত্ৰা প্ৰচাৰ প্ৰক্ৰিয়া বিতৰণ আদি কাৰণে কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

জন জাগৰণ অভিযানৰ মূল লক্ষ্য হ’ল ৰাইজৰ মাজত ক’ভিড পৰীক্ষা প্ৰতি সজাগতা সৃষ্টি আৰু স্বাস্থ্যবিধিসমূহ সম্পূৰ্ণৰূপে পালনৰ প্ৰতি দায়বদ্ধতা গঢ়ি তোলা ৷ এই কাৰ্যসূচীত মুখ্যভাৱে অংশগ্ৰহণ কৰে আশাকৰ্মীসকলে ৷

উল্লেখ্য যে এই অভিযানত বেচৰকাৰী সংগঠন,অৰণোদয় সহায়ক সহায়িকা , আত্মসহায়ক গোট, মহিলা আৰোগ্য সমিতি আদিক প্ৰধানকৈ অন্তৰ্ভুক্ত কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে আশা কৰা হৈছে যে ইয়াৰ ফলত ৰাইজৰ মাজত স্বেচ্ছাই নমুনা পৰীক্ষা কৰাৰ মাত্ৰা বৃদ্ধি পাব । এই পৰীক্ষাত যদি এজন লোক কৰ’নাত আক্ৰান্ত হোৱাটো ধৰা পৰে তেনেহ’লে তেওঁৰ জৰিয়তে পৰিয়াল, কৰ্মস্থলী আৰু সংস্পৰ্শলৈ অহা কমেও ২০ জন লোকক চিনাক্ত কৰি পৰীক্ষা কৰাটো সহজ হ’ব ৷

জন জাগৰণ অভিযান সন্দৰ্ভত এন এইছ এমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱাই কয় যে ইয়াৰ ফলত ৰাইজৰ মাজত কৰ’নাৰ বিৰুদ্ধে সজাগতা গঢ়ি উঠাটো নিশ্চিত। এন এইছ এমৰ মিছন সঞ্চালক ড° লক্ষ্মণন এছে ডিব্ৰুগড়ত জন জাগৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক কৰ’নাৰ ক্ষেত্ৰত ল’ব লগা সকলো ধৰণৰ সতৰ্কতা মানি চলিবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোয়েলে জিলাবোৰক উদ্ভাৱনী চিন্তাৰে ৰাইজৰ মাজতে সজাগতা বৃদ্ধিত গুৰুত্ব দিবলৈ আহ্বান জনায়।

আনহাতে, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডা° ৰথীন্দ্ৰ ভূঞাই এই অভিযানৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো পৰিয়ালক স্পৰ্শ কৰা বুলি কয় ৷ এন এইছ এমৰ কাৰ্যবাহী সঞ্চালক ডা° মনোজ চৌধুৰীয়ে সকলো ৰাইজক জনজাগৰণ অভিযানক গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান কৰে ।

Exit mobile version