চিৰাঙত জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ দুঘন্টীয়া ধৰ্ণা কাৰ্য‍সূচী ৰূপায়ন

WhatsApp Image 2020 09 25 at 5.46.29 PM

অসমৰ আদীবাসী সকলক জনজাতিকৰণ নকৰিলে অসম আকৌ উত্তাল কৰাৰ শ্লোগানেৰে আছাই দুঘন্টীয়া ধৰ্ণা কাৰ্য‍্যসূচী ৰূপায়ন কৰে চিৰাং জিলা সদৰ কাজলগাঁওত ।

আদিবাসী সকলক জনজাতিকৰণ কৰা, বনাঞ্চলত বসবাস কৰা আদিবাসী সকলক ভূমিপট্টা প্ৰদান কৰা, যুদ্ধবিৰতিত থকা আদীবাসী বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সদস‍্য সকলক পুনৰসংস্থাপন দিয়া, আদিবাসী শিক্ষিত যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰা আৰু ১৯৯৬-১৯৯৮ৰ পৰা কে’বাটাও গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা আদিবাসী সকলক পুনৰসংস্থাপন দিয়াৰ দাবীৰে পুৱা ১১ বজাৰ পৰা ১ বজালৈ এই ধৰ্ণা কাৰ্য‍্যসূচী ৰূপায়ন কৰে ছাত্ৰ সংগঠনটোৱে ।

এই পাঁচ দফীয়া দাবী লৈ আজি ধৰ্ণা দিয়াৰ পিছতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ‍্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে । অসমৰ অতি পিচপৰা জনগোষ্ঠী আদিবাসী সকলে দীৰ্ঘদিনৰ পৰাইজনজাতিকৰণৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছিল আৰু এতিয়াও সংগ্ৰাম অব‍্যাহত ৰাখিছে ।

কিন্তু চৰকাৰে জনগোষ্ঠীটোৰ জনজাতিকৰণকে ধৰি বিভিন্ন দাবী সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । সেয়ে আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই দাবী সমূহ পূৰণ নকৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰক এসেকা দিয়াৰ কথাও জনায় আছাৰ নেতৃত্বই।

Exit mobile version