চিৰাঙত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ‍্যপালৰ শাসনৰ অন্ত কৰাৰ দাবীত মুখ‍্যমন্ত্ৰী আৰু নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক প্ৰদান

WhatsApp Image 2020 09 25 at 5.47.07 PM

চিৰাং জিলা বিপিএফৰ কাৰ্যালয়ৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ‍্যপালৰ শাসনৰ অন্ত কৰাৰ দাবীত বিপিএফৰ সমদল । প্ৰায় পাঁচ শতাধিক লোকে সমদলত অংশগ্ৰহণ কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ‍্যমন্ত্ৰী আৰু নিৰ্বাচনী আয়োগলৈ স্মাৰক পত্ৰ প্ৰদান কৰে । বৰষুণৰ মাজতে প্ৰায় পাঁচ শতাধিক লোকক লৈ বিপিএফে এইদৰে সমদল কৰি ওলাই যায় ।

সমদলত বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য কাৰ্য‍বাহী খাম্পা বৰগয়াৰীয়ে নেতৃত্ব লৈ স্বাস্থ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে, ইউপিপিএল দলকহে তেওঁলোকে বিটিচিৰ শাসনভাৰ দিব বিচাৰি আছে । বি

পিএফৰ এই সমদল কাৰ্যসূচীত চিৰাং জিলা বিপিএফৰ নেতা পানীৰাম ব্ৰহ্ম, জেমচ বসুমতাৰীকে আদি কৰি প্ৰায় পাঁচ শতাধিক লোকে সমদল কৰি কাজলগাঁও স্থিত জিলা বিপিএফৰ কাৰ্যালয়ৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে আৰু তাৰ পিছত পুনৰ জিলা সদৰৰ চাৰিওদিশে সমদল কৰি আহি পুনৰ জিলা বিপিএফৰ কাৰ্যালয়ত খাম্পা বৰগয়াৰীয়ে এক সভা সম্বোধন কৰে ।

য’ত ইউপিপিএল দল আৰু বিজেপি দলক সমালোচনাৰে থকা সৰকা কৰে । একেদৰেই চিৰাং জিলাৰ বিজনীত বিপিএফ কাৰ্যালয়ৰ পৰা বিজনী মহকুমাধিপতি কাৰ্যালয়লৈ বিটিচিৰ নিৰ্বাচন কম সময়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ দাবীত সমদল উলিয়ায় । বিজনী জিলা বিপিএফ দলৰ উদ্যোগত ওলায় এই সমদল ।

Exit mobile version