প্ৰিয়তমা পত্নীৰ তাগিদা

Screenshot 147

অভাৱৰে ভৰা এখন সংসাৰ । কোনোমতে দিন অতিবাহিত কৰিছে পৰিয়ালটোৱে । ইয়াৰ মাজতে পত্নীয়ে স্বামীক তাগিদা দিলে এটা হাতী কিনি আনি দিব লাগে । স্বামী পৰিল চিন্তাত । পত্নীৰ তাগিদা পূৰণ কৰিবলৈ মাটি বিক্ৰী কৰি সেই ধনেৰে অৱশেষত পত্নীক উপহাৰ দিলে এটি হাতী । এই অভিনৱ ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ লালমাটিৰ পঞ্চগ্ৰাম ইউনিয়নৰ ৰথিধৰ দেউতি গাঁৱত ।

গাঁওখনৰ বাসিন্দা দুলাল চন্দ্ৰ ৰায়ৰ পত্নী তুলসী ৰাণীয়ে সপোনত ভগৱানৰ সাক্ষাৎ লাভ কৰে । ভগৱানে তুলসী ৰাণীক হাতী পালনৰ নিৰ্দেশ দিয়ে । এই সপোন দেখাৰ পাছৰে পৰা স্বামীক তাগিদা দিবলৈ আৰম্ভ কৰে হাতী ক্ৰয়ৰ ।দুলাল ৰায়ে পত্নীৰ মনৰ আশা পূৰণ কৰিবলৈ মাটি বিক্ৰী কৰি ১৬ লাখ টকাৰে এটি হাতী ক্ৰয় কৰে ।

এই খবৰ বিয়পি পৰাৰ পাছতে হাতী দৰ্শন কৰিবলৈ অঞ্চলটোৰ বহু মানুহ আহি উপস্থিত হয় ৰায়ৰ ঘৰত । হাতীটোৰ লগত চেল্ফি তুলিবলৈও হেতা-ওপৰা লাগিছে মানুহৰ । তুলসী ৰাণীয়ে ইয়াৰ পূৰ্বেও ভগৱানে দিয়া নিৰ্দেশ অনুসৰি ঘোঁৰা, ৰাজহাঁহ আৰু ছাগলী ক্ৰয় কৰি পালন কৰি আছে । বৃত্তিত কৃষক ৰায়ে প্ৰিয়তমা পত্নীৰ সকলো আবদাৰ পূৰ্ণ কৰি আহিছে ।

হাতী ক্ৰয়ৰ সন্দৰ্ভত তুলসী ৰাণীয়ে কয়, ‘প্ৰায় এমাহ পূৰ্বে মোক মহাদেৱ আৰু বিশ্বকৰ্মাই দেখা দিছিল । দুয়ো ভগৱানে মোক হাতী পালনৰ নিৰ্দেশ দিয়ে । ভগৱানে যেতিয়ালৈ হাতী পালন কৰিবলৈ দিয়ে তেতিয়ালৈ ঘৰত ৰাখি হাতী পালন কৰিম ।’

Exit mobile version