‘গহনা বিক্ৰী কৰি উকীলৰ ধন পৰিশোধ কৰিছোঁ’ – অনিল আম্বানী

anil 3940960 835x547 m

ঋণত জুৰুলা হৈছে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানী। বিলাস বহুল জীৱনৰ ধাৰণৰ পৰা আঁতৰি অতি সাধাৰণভাৱেই জীৱন ধাৰণ কৰিবলৈ লৈছে আম্বানীয়ে ।ব্ৰিটেইনৰ এখন আদালতত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে উদ্যোগপতি গৰাকীয়ে।

চীনৰ তিনিটা বেংকৰ লগত ঋণ সম্বন্ধে চলা গোচৰৰ বাবে ব্ৰিটেইনৰ আদালতত উপস্থিত হয় আম্বানী ।বৰ্তমান অনিল আম্বানীৰ আছে এখনেই গাড়ী ।আনকি উকীলৰ ধন পৰিশোধ কৰিবলৈও তেওঁৰ হাতত নাই পৰ্যাপ্ত ধন ।ফলত তেওঁ গহনা বিক্ৰী কৰিয়েই উকীলৰ ধন পৰিশোধ কৰিব লগীয়া হৈছে ।

লগতে তেওঁ আদালতত কয় , ‘ জানুৱাৰী আৰু জুন ২০২০ ত তেওঁ গহনা বিক্ৰী কৰি ৯.৯ কোটি টকা লাভ কৰে ।গহনাৰ বাহিৰে তেওঁৰ লগত এনেকুৱা মূল্যবান একো সম্পত্তিয়ে নাছিল ।’

উল্লেখ্য যে ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ে অনিল আম্বানীক চীনৰ তিনিটা বেংকক ৫,২৮১কোটি টকাৰ ঋণ পৰিশোধৰ লগতে আইনী ব্যয়ৰ বাবে ৭ কোটি টকা আদায়ৰ বাবে নিৰ্দেশ দিছিল।এই আদায়ৰ বাবে সময়সীমা বান্ধি দিছিল ১২জুন ২০২০ । কিন্তু আম্বানীয়ে পৰিশোধ কৰা নাছিল এই ধন ।তাৰ পৰিপ্ৰেক্ষিতত ব্ৰিটেইনৰ আদালতত হাজিৰ হ’ব লগীয়া হয় আম্বানী।

Exit mobile version