- ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ পুনৰুদ্ধাৰৰ বাবে কেতবোৰ আঁচনি ঘোষণা ।
- বিভাগৰ অধীনত পঞ্জীয়নভুক্ত অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে সঞ্জীৱনী আঁচনি ঘোষণা ।
- এই আঁচনিৰ জৰিয়তে এক লাখৰ পৰা ২০ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰিব ।
- এই ঋণৰ এক বছৰৰ ১০০ শতাংশ সুত ৰাজ্য চৰকােৰ বহন কৰিব ।
- পহিলা নৱেম্বৰ পৰা ৩১ ডিচেম্বৰলৈকে এই আঁচনি আবেদন কৰিব লাগিব ।
- পৰ্যটন বিভাগৰ কৰ্মীসকলৰ লগত যোগাযোগ ব্যৱস্থা সূচল কৰিবলৈ ইলেক্ট্ৰনিক গেজেট প্ৰদান কৰা হ’ব ।
- এই যোগাযোগ ব্যৱস্থাৰ নাম পৰ্যটন সাৰথি আঁচনি নামেৰে জনা যাব আৰু নৱেম্বৰ মাহত ইয়াক ইচ্ছুক ব্যক্তিয়ে আৱেদন কৰিব লাগিব ।
- ক’ভিড পৰিস্থিতত এই বছৰ পুন্যধাম আঁচনিৰ সলনি কৰি ৰাজ্যৰ ভিতৰতে ইয়াৰ সীমাবদ্ধতা থাকিব । ৫০ৰ পৰা ৬৫ বছৰৰ ভিতৰৰ তীৰ্থযাত্ৰীয়ে ইয়াক আবেদন কৰিব পাৰিব । পহিলা ডিচেম্বৰ পৰা এই আঁচনি মুুুুুকলি কৰাৰ পৰিকল্পনা । ১৫ নৱেম্বৰৰ ভিতৰত অনলাইন জৰিয়তে আৱেদন কৰিব পাৰিব ।
- বাঘজান তৈলখাদৰ অগ্নিকাণ্ডত ঘটনাত ফলত ক্ষতি হোৱা পৰ্যটনৰ পৰিৱেশ ঘূৰাই আনিবলৈ অইলৰ স’তে সংশ্লিষ্ট অঞ্চলটোত কাম আগবঢ়োৱা হ’ব ।
- কাইলৈ বিশ্ব পৰ্যটন দিৱস চানডুবিত অনুষ্ঠিত কৰা হ’ব ।
ADVERTISEMENT