সাংসদ দিলীপ শইকীয়াক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি

1600x960 156900 dilip saikia

মঙ্গলদৈ সমষ্টিৰ লোকসভা সাংসদ দিলীপ শইকীয়াক ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিযুক্তি প্ৰদান কৰিছে | এই পদত সাংসদজনৰ লগতে দেশৰ অন্য প্ৰন্তৰ মুঠ আঠজনক বিজেপিয়ে নিযুক্তি প্ৰদান কৰিছে | ইয়াৰ চাৰিজন সাংসদ আৰু এজন বিধায়ক পদত অধিষ্ঠিত |

উল্লেখ্য যে শইকীয়াই ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি পোৱাৰ পাছতহে অসম বিজেপিত আনন্দৰ জোৱাৰ উঠিছে |ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে সন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যৰ ৪২ লাখ কাৰ্য্যকৰ্তাৰ হৈ দিলীপ শইকীয়াক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন জনোৱাৰ লগতে কেন্দ্ৰীয় নেতৃত্বকো ধন্যবাদ জনাইছে।

Exit mobile version