হাগ্ৰামাই বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে:প্ৰমোদ বড়ো। 

a0853f3d 05a2 4e68 a967 de52eb41ef32

চিৰাঙত ইউপিপিএল দলৰ কৰ্মী সভাত অংশগ্ৰহণ কৰা ইউ পিপ এলৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তি ৰূপায়ণ কৰিব নিদিও বুলি কোৱাটো তেওঁ প্ৰমোদ বড়োৰ ক্ষতি নকৰে ৰাইজৰহে ক্ষতি কৰিব বিচাৰিছে।

আজি এই চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত তিনিখনকৈ বিশ্ববিদ্যালয়,চিকিৎসা মহাবিদ্যালয়,এনআইটি,ক্ৰীড়া বিশ্ববিদ্যালয়, ৰেলৰ দবা নিৰ্মাণ কাৰখানা হয়,বৃহৎ উদ্যোগ হয় আৰু ৰাইজৰ উন্নয়নৰ বাবে যদি পোনে পোনে কেন্দ্ৰৰ পৰা টকা আহে তাত হাগ্ৰামা মহিলাৰীয়ে কিয় বেয়া পাইছে বুলি প্ৰমোদ বড়োয়ে প্ৰশ্ন কৰে।ইয়াতে হাগ্ৰামা মহিলাৰীয়ে নিজেই প্ৰমান দিছে যে এই অঞ্চলৰ উন্নয়ন নিবিচাৰে তেওঁ।

তেখেতে নিজৰ হাতৰ কুঠাৰ নিজৰে ভৰিত মাৰিছে । তেওঁ হাগ্ৰামালৈ উদ্দেশ্য কৰি ইমান ধুনীয়া চুক্তিক বাধা দি ৰাইজৰ বিৰুদ্ধে নাযাবলৈ আহ্বান জনায় । হাগ্ৰামাই দীৰ্ঘদিনে বিটিচিত যি দুৰ্নীতি কৰিলে,ৰাইজৰ বিৰুদ্ধে কাম কৰিলে,উন্নয়ন বিৰোধী কাম কৰিলে, আৰু ইমান মানুহ মৰাৰ পিচত এটা শান্তি চুক্তি হৈছে ।

এই চুক্তিয়ে শান্তি প্ৰতিষ্ঠা কৰি অস্ত্ৰ মুক্ত এখন সমাজ প্ৰতিষ্ঠা হৈছে । ইয়াৰ বিৰোধিতা কৰি হাগ্ৰামাই ইয়াকে বুজাইছে যে এই অঞ্চলৰ উন্নয়ন নিবিচাৰে,জাতি-জনগোষ্ঠীসমূহৰ মাজত শান্তি প্ৰতিষ্ঠা হোৱাটো নিবিচাৰে । আমি বিচাৰো অতি সোনকালে নিৰ্বাচন হওক আৰু বিটিআৰ চুক্তিৰ দফাসমূহ সম্পূৰ্ণভাৱে ৰূপায়ণ হওক ।

বিহাৰ,ৰাজস্থান,মিজোৰামত যদি নিৰ্বাচন হ’ব পাৰে বিটিআৰত কিয় নহ’ব বুলিও প্ৰশ্ন কৰে প্ৰমোদ বড়োয়ে।” চৰকাৰেহে এতিয়া জানিব কেতিয়া নিৰ্ব্বাচন পাতিব। আজি চৰকাৰৰ হাতত কি তথ্য আছে সেয়া আমি নাজানো । উচ্চতম ন্যায়ালয়ে কৈছে ক’ভিডৰ নীতি নিয়ম অনুসৰি নিৰ্বাচন হওক বুলি ।

আমি ইউপিপিএল দলেও সোনকালে নিৰ্বাচন হোৱাটো বিচাৰো” এই মন্তব্য প্ৰমোদ বড়োৰ । তেওঁ লগতে কয় যে এই নিৰ্বাচন পতা নপতা লৈ বিপিএফ তথা হাগ্ৰামা মহিলাৰীয়ে হে ষড়যন্ত্ৰ কৰিছে  । বিগত ৪ এপ্ৰিলত নিৰ্বাচন হ’লে বিটিচিত ইউপিপিএলৰ চৰকাৰ হ’লহেতেন আৰু তেওঁলোক ৰঙা ঘৰত থাকিব লগীয়া হ’লহেতেন । এতিয়াও তেখেতসকলে ভয় কৰি আছে যে তেওঁলোকৰ পৰাজয় হোৱাটো নিশ্চিত হৈ গ’ল ।

নিৰ্বাচনত পৰাজয় হোৱাৰ লগে লগে বিভিন্ন ক্ষেত্ৰত বিপিএফে কৰা দুৰ্নীতিৰ বাবে তদন্ত হ’ব আৰু  জেলত যাব লাগিব। সেয়ে তেওঁলোকে ওপৰে ওপৰে নিৰ্বাচন বিচাৰি ৰাইজক দেখুৱাৰ বাবে ধৰ্ণা ৰেলী কৰিছে কিন্ত ভিতৰে ভিতৰে তেওঁলোকে নিৰ্বাচন হোৱাটো বিচৰা নাই বুলিও কয় প্ৰমোদ বড়োয়ে। ইয়াৰ প্ৰমানটো হ’ল যে চৰকাৰটো তেওঁলোকৰ । চৰকাৰত বিপিএফৰ তিনিজন মন্ত্ৰী আছে,বিধায়ক,সাংসদ আছে ইউপিপিএলৰ নাই।

গতিকে এই নাটকসমূহ ৰাইজে ইতিমধ্যে বুজি পাইছে যে হাগ্ৰামা মহিলাৰীয়ে অত্যান্ত ভয় কৰি পেলাই আজি বিটিচিৰ নিৰ্বাচনটো ভিতৰে ভিতৰে পিছুৱাই আছে। গণতান্ত্ৰিক প্ৰক্ৰিয়া থকাটো হাগ্ৰামাই নিবিচাৰে। ১৭ টা বছৰ যিহেতু বিটিচিৰ মুখ্য আছিলে হাগ্ৰামাই একনায়কত্ববাদ চলাইছিল আৰু আজি নিৰ্বাচন হ’লে এটা গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে সম মৰ্য্যাদা।ইউপিপিএলৰে বিজেপিৰ ভিতৰে বাহিৰে একো নাই । কিন্ত বিপিএফৰ মুকলি ভাৱে বিজেপিৰে বুজাবুজি আছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে ।

Exit mobile version