প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তৃতীয়বাৰৰ কাৰণে সংযুক্ত ৰাষ্ট্ৰ মহাসভা(UNGA)ৰ ৭৫ সংখ্যক বৈঠকক সম্বোধন কৰে ৷প্ৰধানমন্ত্ৰী মোদীয়ে কোনো দেশৰ নাম নোলোৱাকৈ কয় “ভাৰত বিশ্বৰ সকলোতকৈ বৃহৎ গণতান্ত্ৰিক দেশ। বিশ্বৰ ১৮ শতাংশতকৈ অধিক জনসংখ্যা,সহস্ৰাধিক ভাষা-ভাষিক লোক আৰু তেওঁলোকৰ বিচাৰধাৰাৰে পৰিপূৰ্ণ দেশ ভাৰত ৷”
প্ৰধানমন্ত্ৰী মোদীয়ে ২২মিনিটৰ ভাষণত সংযুক্ত ৰাষ্ট্ৰৰ বিভিন্ন প্ৰসংগৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷ লগতে সম্প্ৰতি ক’ভিড১৯ ৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভতো মন্তব্য কৰে। মোদীয়ে কয় ভাৰত বিশ্বৰ ভিতৰত মহামাৰীক জয়ী কৰা আৰু ভেকচিন প্ৰস্তুত কৰা সকলোতকৈ বৃহৎ দেশ হিচাপে পৰিগণিত হ’ব।
মোদীয়ে কয়”১৯৪৫ ৰ পৃথিৱীখন আজিতকৈ কিছু পৃথক আছিল ৷এনে সময়তে বিশ্ব কল্যাণৰ ভাৱনাৰ লগত যি সংস্থাৰ গঠন হৈছিল ৷সেই তদানীন্তন সময়ৰে পৰিপ্ৰেক্ষিততে গঠন হৈছিল। কিন্তু আজি আমি সম্পূৰ্ণ পৃথক সময়ত আছো ৷একৈশ শতিকাত আমাৰ বৰ্তমান,ভৱিষ্যত আৰু প্ৰত্যাহ্বানসমূহো পৃথক ৷
৭৫ বছৰৰ UNGA ৰ উপলব্ধিসমূহক মূল্যাংকন কৰিলে বহু গুৰুত্বপূৰ্ণ কথা মনলৈ আহে ৷কিন্তু এনে বহু উদাহৰণ আছে যিয়ে আত্মবিচাৰ কৰা আৱশ্যকতা আছে ৷ভাৰতে সদায়েই সমগ্ৰ মানৱ জাতিৰ কাৰণে চিন্তা কৰিছে ৷ভাৰতে যেতিয়া কোনো এখন দেশৰ কাৰণে বন্ধুত্বৰ হাত আগবঢ়াই ৷তেতিয়া কোনো তৃতীয় শক্তিৰ স’তে মিলিত হৈ নাথাকে। ভাৰতে নিজৰ বিকাশ নীতিৰ কথা সদৰী কৰিবলৈ আপোচ নকৰে ৷
আনহাতে কৰ’না মহামাৰীৰ সন্দৰ্ভত মোদীয়ে কয় যে মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মা ইণ্ডাষ্ট্ৰীয়ে ১৫০ খন দেশক ঔষধ বিতৰণ কৰিছে ।গতিকে মোদীয়ে মহামাৰীৰ সময়ত সকলোকে ভেকচিন প্ৰদান কৰাৰ সন্দৰ্ভত আশ্বাস প্ৰদান কৰে ৷