প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ হ’ল পি কে দত্ত মালিকাধীন হোটেল ভাৰ্গৱৰ প্ৰৱন্ধক ৰাহুল ডেকা(৩২) ৷ ওৰে নিশা চলোৱা জেৰাৰ অন্তত ২১/২০২০ নম্বৰ গোচৰত চি আই ডিয়ে হোটেল ভাৰ্গৱৰ প্ৰৱন্ধকজনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ লগে লগে সংশ্লিষ্ট গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পায় । চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰে ।
উল্লেখযোগ্য যে ইয়াৰ আগেয়ে চি আই ডিয়ে কাৰ্বিআংলঙৰ হীৰকজ্যোতি বৰুৱাক সংশ্লিষ্ট গোচৰত গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ উপ পৰিদৰ্শক পদক নিযুক্তিৰ নামত উৎকোচ আদায় দিয়া প্ৰাৰ্থীসকলক আগতীয়াকৈ প্ৰশ্নকাকত যোগান ধৰা কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰক্ষীৰ প্ৰাক্তন উপ পৰিদৰ্শক দত্ত ৷ তেওঁৰ লগত এই কু কাৰ্যত বিজেপি নেতা দ্বিবন ডেকাৰ উপৰি গণেশগুৰিৰ থেংক ইউ লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মা, প্ৰণৱ বৰা, লজৰ কৰ্মচাৰী আশোক দাস আৰু বামুন্দীৰ কুশল দাসো জড়িত ৷
ইয়াৰ সুবাদতে সংশ্লিষ্টসকলে মিলি উপ পৰিদৰ্শক পদৰ চাকৰি প্ৰাৰ্থীসকলৰ নাম মহানগৰীৰ লখৰাস্থিত হোটেল ভাৰ্গৱত পঞ্জীয়নৰ ব্যৱস্থা কৰে । ইয়াৰ আধাৰতে এছ টি এফৰ কৰ্মচাৰী সঞ্জীৱ শৰ্মা, জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যুমনী ব্ৰহ্ম, নুনমাটিৰ মৃদুল শাণ্ডিল্য, টিহু সন্ধেলী নিবাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী কুমুদ গোস্বামীকে ধৰি এটা বৃহৎ চক্ৰই সংশ্লিষ্ট প্ৰাৰ্থীসকলৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযানত নামি পৰে ।
ইয়াৰ আধাৰতে যিসকল প্ৰাৰ্থীয়ে আগধন আদায় দিছে সেইসকলক মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজকে ধৰি বিভিন্ন স্থানত দালাল চক্ৰটোৱে লিখিত পৰীক্ষাৰ এদিন পূৰ্বে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰে । এই তথ্য পোহৰলৈ অহাৰ পাছতে প্ৰাক্তন উপপৰিদৰ্শক পি কে দত্তৰ নিৰ্দেশত লখৰাস্থিত হোটেল ভাৰ্গৱৰ প্ৰৱন্ধক ৰাহুল ডেকাই হোটেলখনত থকা এই সম্পৰ্কীয় সকলো তথ্য বিনষ্ট কৰে ৷
ধৃত কুশল দাসে এই কথা স্বীকাৰ কৰাৰ পাছতে মহানগৰ আৰক্ষীৰ তথ্যৰ আধাৰত যোৱা নিশা অভিযান চলাই হোটেলখনৰ পৰা প্ৰবন্ধক ডেকাক চি আই ডিয়ে আটক কৰে ৷ সম্প্ৰতি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা কৰা সকলোকে মুখামুখিকৈ জেৰা কৰিছে বুলি আৰক্ষীয়ে জনায় ।