ইতিহাস ৰচনাৰ দিশত মানৱ সভ্যতা

WhatsApp Image 2020 09 27 at 8.43.51 PM

মানৱ সভ্যতা পুনৰ ইতিহাস ৰচনাৰ দিশত। কোনো গ্ৰহ বা উপগ্ৰহ নহয়, ধুমকেতুৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এক ক্ষুদ্ৰগ্ৰহক স্পৰ্শ কৰিবলৈ গৈ আছে পৃথিৱী। এয়া অত্যন্ত বিপদজনক। কিয়নো ক্ষুদ্ৰগ্ৰহৰ পিছঅংশটো ইমানেই কঠিন যে, স্পৰ্শ কৰাৰ সময়ত যিকোনো মুহূৰ্ততে বিপদজনক হৈ উঠিব পাৰে । এই ক্ষুদ্রগ্ৰহটো পৃথিৱীৰ পৰা বহু দূৰত অৰ্থাৎ পৃথিৱীৰ পৰা দূৰত্ব ২০ কোটি ৭০ লক্ষ মাইল (বা ৩৩ কোটি ৪০ লক্ষ কিলোমিটাৰ) । মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত অৱস্থিত এই ক্ষুদ্ৰগ্ৰহটিক জনা যায় বেন্নু নামেৰে।

১৬ চেকেণ্ডতকৈ কম সময়ৰ বাবে সেই গ্ৰহাণুৰ ওপৰত নামি প্ৰায় ৬০ গ্ৰামৰ নমুনা পৃথিৱীলৈ অনাৰ চেষ্টা কৰিব নাছাৰ এখন মহাকাশযানে। নাছাৰ মহাকাশযান ‘Osiris-Rex’ দেখাত বৃহৎ ভেনৰ দৰে। আনহাতে, নমুনা সংগ্ৰহ কৰাৰ পাছত সকলো ঠিকে থাকিলে Osiris-Rexৰ দ্বাৰা ২০২৪ৰ ২৪ ছেপ্টেম্বৰত পৃথিৱীলৈ অনা হ’ব । যদিও নাছাৰ মহাকাশযানৰ বাবে ৬০ গ্ৰামতকৈ অধিক নমুনা সংগ্ৰহ কৰাৰ বাবে সম্ভৱ নহয়। Apollo Misson ৰ পাছত ইমান বেছি পৰিমাণৰ কোনো মহাজাগতিক বস্তুৰ অংশবিশেষ পৃথিৱীলৈ অনাটো সম্ভৱ হোৱা নাছিল।

নাছাৰ JPL(Jet Population Laboratory) ৰ Nissar Mission ৰ Interface Manager আলোক চট্টোপাধ্যায়ে কয় যে, প্ৰযুক্তিৰ সন্দৰ্ভত মই কম যে, “এইটো সম্পূৰ্ণ ৰবট নিৰ্ভৰ জটিলতম মহাকাশ যাত্ৰা হ’ব । ক্ষুদ্ৰগ্ৰহ বেন্নুক স্পৰ্শ কৰাৰ সময়ত কোনো পৰিচালিত কৰিবলৈ কোনো ধৰণৰ নিৰ্দেশ দিব পৰা নাযাব। সেয়ে আমি ‘Osiris-Rex’ৰ ভিতৰত থকা যন্ত্ৰ পাতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব লাগিব। নুমনা সংগ্ৰহৰ পৰা পৃথিৱীলৈ অনা সময়লৈকে ‘Osiris-Rex’ স্বনিয়ন্ত্ৰণভাৱে এই অভিযানত অংশ ল’ব ।” লগতে তেওঁ কয় যে, এই প্ৰযুক্তিৰ সাফল্যৰ ওপৰত বহু বেছি নিৰ্ভৰ কৰিছে।

Exit mobile version