অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিশ্যনে কৰ’না ভেকচিনৰ সন্দৰ্ভত কয় যে, ‘ভেকচিন সকলোৰে ৰাজহুৱা সম্পত্তি হ’ব লাগিব । এইয়া ব্যক্তিগত সম্প্ৰতি নহয় । গতিকে এই ক্ষেত্ৰত কৃপণালি কৰিলে ইতিহাসে কেতিয়াও কাকো ক্ষমা নকৰে ৷’ ইপিনে ৰাষ্ট্ৰ সংঘই প্ৰস্তুত কৰা ভেকচিন প্ৰস্ততৰ ক্ষেত্ৰত সহযোগ কৰা নাই আমেৰিকাই ৷ কিন্তু UNয়ে প্ৰস্তুত কৰা ভেকচিনক আমেৰিকাই বাধা দিবলৈ চেষ্টা কৰিছে বহুকেইখন ৰাষ্ট্ৰই ।কিন্তু ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত সহযোগিতা কৰিব অষ্ট্ৰেলিয়াই ৷
লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি তেওঁলোকে ভেকচিন Covax নিৰাপদ হিচাপে প্ৰমাণ কৰিব পাৰে ৷ তেন্তে বিশ্বৰ সকলো দেশলৈ এই ভেকচিন বিতৰণ কৰিব । আনহাতে সংযুক্ত ৰাষ্ট্ৰ,চীন আৰু ৰাছিয়াৰ সকলোৱে নিজাববীয়া ভেকচিন প্ৰস্তুত কৰিছে ৷ কৰ’না ভাইৰাছক লৈ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা,আমেৰিকা আৰু চীনৰ মাজত বিতৰ্ক অব্যাহত আছে ।
আমেৰিকাই ইতিমধ্যে কৰ’না ভাইৰাছৰ সন্দৰ্ভত একত্ৰিত কৰা সকলো তথ্য ফাদিল নকৰাৰ সন্দৰ্ভত সদৰী কৰিছে ৷ উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিশ্যনে এবাৰ যদি ভেকচিন উপলব্ধ হয় তেন্তে সকলোকে সেয়া বিতৰণ কৰিবলৈ আহ্বান কৰে ৷ আনহাতে সম্প্ৰতি অষ্ট্ৰেলিয়াত কৰ’নাত আক্ৰান্ত হৈছে ২৭,০৪০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । মৃত্যু হৈছে ৮৭২ জন লোক।