কৰ’নাৰ প্ৰসংগত পুনৰ নতুন অভিযোগ চীনৰ বিৰুদ্ধে

Screenshot 163

কৰ’নাৰ প্ৰাদুৰ্ভাৱ হোৱাৰে পৰা চীনৰ বিৰুদ্ধে এই ভাইৰাছক কেন্দ্ৰ কৰি চীনৰ বিৰুদ্ধে নিত্য-নতুন অভিযোগ উত্থাপিত হৈ আহিছে । এইবাৰ উত্থাপিত হৈছে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পূৰ্বেই দেশখনে সাধাৰণ মানুহৰ শৰীৰত কৰ’নাৰ সাম্ভাব্য প্ৰতিষেধক প্ৰয়োগ কৰাৰ অভিযোগ । ইতিমধ্যে হেজাৰ হেজাৰ লোকৰ শৰীৰত এই প্ৰতিষেধকৰ প্ৰয়োগ আৰম্ভ কৰিছে ।

প্ৰতিষেধক প্ৰয়োগৰ পূৰ্বে প্ৰথমে চীনে সাধাৰণ মানুহক ‘ননডিছক্ল’জাৰ’ চুক্তিত স্বাক্ষৰ কৰাই লৈছে, যাতে কোনেও বিষয়টোৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খুলিব নোৱাৰে । এই পৰ্যন্ত কিমানজন লোকৰ শৰীৰত প্ৰতিষেধক প্ৰয়োগ কৰা হৈছে, সেই সংখ্যা এই পৰ্যন্ত পোহৰলৈ অহা নাই ।

অৱশ্যে একেবাৰে শেষ পৰ্যায়ৰ কৰ’না প্ৰতিষেধকক লৈ গৱেষণা সংস্থা চিন’ফাৰ্মৰ তৰফৰ পৰা জনাইছে যে ইতিমধ্যে কে’বা হেজাৰ লোকৰ শৰীৰত এই প্ৰতিষেধক প্ৰয়োগ কৰা হৈছে । চীনৰ মূল ভূখণ্ডৰ বাহিৰতো ব্যাপক হাৰত প্ৰতিষেধক প্ৰয়োগ কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰিছে ।

চলিত মাহৰ আৰম্ভণিতে হংকঙৰ ফিনিক্স টেলিভিছনৰ তৰফৰ পৰা জনোৱা হয় যে তেওঁলোকৰ এক সাংবাদিকৰ শৰীৰত চিন’ফাৰ্মৰ দ্বাৰা তৈয়াৰী প্ৰতিষেধক প্ৰয়োগ কৰা হৈছে । চিন’ভেকৰ সকলো কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য মিলাই কমেও তিনি হেজাৰ লোকৰ শৰীৰতো প্ৰতিষেধক প্ৰয়োগ কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰিছে ।

ছাংহাইৰ ‘চেণ্টাৰ ফৰ ডিজিজ এণ্ড প্ৰিভেনচন’ৰ প্ৰাক্তন ইমি‍্যউন’লজিষ্ট টাও লিনাই কয়, ‘ সাধাৰণ মানুহৰ মাজত প্ৰতিষেধক গ্ৰহণৰ ইচ্ছা আছে নে নাই ,সেয়া পৰীক্ষা কৰি চোৱাৰ বাবেই চৰকাৰে এনে পদক্ষেপ হাতত লৈছে।নিয়ামক সংস্থাৰ তৰফৰ পৰা সেউজ সংকেত পোৱাৰ লগে লগেই ব্যাপক হাৰত যাতে প্ৰতিষেধকৰ প্ৰয়োগ আৰম্ভ কৰিব পৰা যায় আৰু মানুহৰ মাজত যাতে ইয়াক লৈ গ্ৰহণযোগ্যতা সৃষ্টি কৰিব পৰা যায় ,তাৰ প্ৰস্তুতি আগে ভাগে কৰি ৰখা হৈছে ।

কিন্তু পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পূৰ্বে ই ব্যাপক হাৰত সম্ভাৱ্য প্ৰতিষেধক প্ৰয়োগৰ এই সিদ্ধান্তত আন্তৰ্জাতিক বিশেষজ্ঞসকল হতভম্ব হৈ পৰিছে।গৱেষণাৰ প্রয়োজনত পৰীক্ষাৰ প্ৰতিটো পৰ্বত নিৰ্দিষ্টসংখ‍্যক স্বেচ্ছাসেৱকৰ শৰীৰত প্ৰতিষেধক প্ৰয়োগৰ ৰীতি থাকিলেও কোনো দেশে সাধাৰণ লোকৰ শৰীৰত এনে ব্যাপক হাৰত প্ৰতিষেধক প্ৰয়োগ কৰাৰ ঘটনা এয়াই প্ৰথম বুলিয়ে বিশেষজ্ঞসকলে দাবী কৰিছে ।

উল্লেখ্য যে চীনত এই পৰ্যন্ত ১১ টা সম্ভাৱ্য প্ৰতিষেধকক লৈ পৰীক্ষা -নিৰীক্ষা অব্যাহত আছে । তাৰ ভিতৰত চাৰিটাই ইতিমধ্যে তৃতীয় পৰ্যায়ত উপনীত হৈছে। যিসকল লোকৰ শৰীৰত প্ৰয়োগ কৰি এই পৰীক্ষা চলাই থকা হৈছে , তেওঁলোকৰ শৰীৰত কি কি পৰিৱৰ্তন ঘটিছে ,তাৰ প্ৰতি প্ৰত্যেক ক্ষণতে লক্ষ্য ৰখা হৈছে ।

কিন্তু সাধাৰণ লোকৰ শৰীৰত প্ৰতিষেধক প্ৰয়োগৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া মানি চলা হৈছে নে নাই,তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে । অৱশ্যে চীনে দাবী কৰিছে যে বিশ্বৰ স্বাস্থ্য সংস্থা ৰ তৰফৰ পৰাও তেওঁলোকৰ পৰীক্ষামূলকভাৱে প্ৰতিষেধক প্ৰয়োগৰ সিদ্ধান্তত সমৰ্থন জনাইছে । কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি আৰম্ভণিৰে পৰাই চীন সমালোচনাৰ পাত্ৰ হৈ আহিছে ।

সেইদৰে ‘হু’ ৰ স’তে চীনৰ বুজাপৰা থকা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বহুবাৰ দাবী কৰিছিল । এতিয়া পৰীক্ষাত উত্তীৰ্ণ নোহোৱা প্ৰতিষেধক ব্যাপক হাৰত সাধাৰণ লোকৰ শৰীৰত প্ৰয়োগ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই কেনেকৈ অনুমতি দিলে বুলিও প্ৰশ্ন উঠিছে।

Exit mobile version