যাক পূজা কৰা হয়, তাকেই জ্বলাই দিলেঃ প্ৰধানমন্ত্ৰী মোদী

plvo42s tractor set on fire at india gate pti september 2020

কৃষি আইনক লৈ সমগ্ৰ দেশৰ লগতে পঞ্জাৱতো বহু কৃষকে প্ৰতিবাদ কৰিছে ৷কংগ্ৰেছৰ লগতে চৰকাৰ বিৰোধী অন্যান্য দলসমূহে এই আইনখনক কৃষক বিৰোধী বুলি মন্তব্য কৰিছে ৷সোমবাৰে পুৱা ৰাজধানী দিল্লীত পঞ্জাৱৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এখন ট্ৰেক্টৰক জ্বলাই বিৰোধ প্ৰদৰ্শন কৰে ৷

শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ অপমান বুলি অভিযোগ কৰিছে৷প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক কটাক্ষ কৰি কয় “সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে কৃষকক নিজৰ অধিকাৰ প্ৰদান কৰিছে ৷কিন্তু এই লোকসকলে নিবিচাৰে যে কৃষকে নিজৰ উৎপাদিত বস্তু বজাৰত বিক্ৰী কৰক ।যিসমূহ সামগ্ৰীক কৃষকে পূজা কৰে ৷এইলোকসকলে সেই সামগ্ৰীসমূহক অপমানিত কৰিছে ৷”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ এক বিশেষ অনুষ্ঠান উদঘাটন কৰি কয় “দেশৰ কৃষকসকলৰ লগত জড়িত খণ্ডসমূহৰ সংশোধন কৰা হৈছে৷ এই সংশোধনৰ জৰিয়তে দেশৰ কৃষকসকল শক্তিশালী হ’ব। দেশৰ মহিলাসকল শক্তিশালী হ’ব ৷” এই অনুষ্ঠানত মোদীয়ে চাৰ্জিকেল ষ্টাইকৰ বিষয়েও উল্লেখ কৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত যেতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছিল ৷তেতিয়া একাংশ ভাৰতৰ লোকে বিৰোধ কৰিছিল। যেতিয়া চৰ্দাৰ বল্লভ ভাই পেটেলৰ আটাইতকৈ ওখ প্ৰতিমা উদঘাটন হৈছিল তেতিয়াও একাংশ লোকে বিৰোধ কৰিছিল ৷কিন্তু আজিলৈকে এই লোকসকলৰ কোনো এজন নেতাৰ ষ্টেচু অফ ইউনিটী নিৰ্মাণ হোৱা নাই ৷

ৰাম মন্দিৰৰ ভূমি পূজন সন্দৰ্ভত মোদীয়ে কয় ” বিগত মাহত অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাৰণে ভূমি পূজন হয়। উচ্চতম ন্যায়ালয়ত ৰাম মন্দিৰৰ বিৰোধ কৰা লোকেই ভূমি পূজনৰো বিৰোধ কৰে ৷গতিকে এইসমূহ বিষয় অপ্ৰাসঙ্গিক ৷”

Exit mobile version