মই প্ৰায় ভাৰতৰ ৫০০ খেল খেলিছো, যিকোনো খেলুৱৈৰ লগত কথা পতাৰ অধিকাৰ আছেঃ সৌৰভ গাংগুলী

image 2

BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলী বিগত সময়ত দিল্লী কেপিটেল্চৰ মেন্টৰ আছিল ৷ এই সময়তে শ্ৰেয়ছ আয়াৰক সৌৰভ গাংগুলীয়ে কৰা সহায়ৰ সন্দৰ্ভত দিয়া মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে ৷ কিন্তু শেহতীয়াকৈ সৌৰভ গাংগুলীয়ে এই সন্দৰ্ভত স্পষ্টীকৰণ কৰি কয় “মই প্ৰায় ভাৰতৰ ৫০০ খেল খেলিছো ৷ যিয়ে মোক যিকোনো খেলুৱৈৰ লগত মত বিনিময় কৰাৰ অধিকাৰ প্ৰদান কৰিছে ৷ সেয়া শ্ৰেয়ছ আয়াৰে হওক বা বিৰাট কোহলীয়ে হওক ।”

শ্ৰেয়ছ আয়াৰে এক সাক্ষাৎকাৰত দলটোৰ প্ৰধান কোচ ৰিকী পন্টিং আৰু গাংগুলীৰ যোগদানৰ বিষয়ে কয় যে দুয়োগৰাকী মহান ক্ৰিকেটাৰে শ্ৰেয়ছৰ উত্তৰণত যথেষ্ট সহায় কৰিছে । ইফালে গাংগুলীৰ সমালোচকসকলে কয় যে BCCI অধ্যক্ষ হোৱা স্বত্বেও তেওঁ এজন ফ্ৰেঞ্চাইছী ক্ৰিকেটাৰক সহায় কৰিছে ৷

ইয়াৰ পাছতেই গাংগুলীয়ে এই অভিযোগক নসাৎ কৰি কয় “মই বিগত বৰ্ষতে শ্ৰেয়ছক সহায় কৰিছিলো । মই BCCIৰ অধ্যক্ষ হ’ব পাৰো ৷ কিন্তু এইটো পাহৰিব নালাগিব যে মই ভাৰতৰ কাৰণে প্ৰায় ৫০০খন মেচ খেলিছো ৷ গতিকে মই এগৰাকী যুৱ খেলুৱৈৰ লগত কথা পাতিব পাৰো ৷ বা তেওঁলোকক সহায় কৰিব পাৰো ।”

অৱশ্যে আয়াৰে পাছত টুইটাৰত উল্লেখ কৰে “এজন যুৱ ক্ৰিকেটাৰ হিচাপে মই দাদা আৰু ৰিকি পন্টিঙৰ ওচৰত কৃতজ্ঞ । কাৰণ দুয়োগৰাকীয়ে মোক ব্যক্তিগতভাৱে যিধৰণে সহায় কৰিছে তাৰ কাৰণে মই চিৰ কৃতজ্ঞ ৷”

Exit mobile version